স্কটিছ ক্লাব মাডাৰৱেল এফ চিৰ বাচনি শিবিৰলৈ ১৭ বছৰীয়া ভাৰতীয় গ’লকীপাৰ ধীৰাজ সিঙ

17 years old Indian goalkeeper Dhiraj file picture

১৭ অনুৰ্ধ ভাৰতীয় দলৰ খেলুৱৈ ধীৰাজ সিঙ মৈৰাঙঠেমে ইংলেণ্ড ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন গ’লকীপাৰ ডেভিড জেমছৰ সৈতে বুধবাৰে স্কটলেণ্ডলৈ ৰাওনা হৈছে। উল্লেখ্য যে ধীৰাজ সিঙে স্কটিছ প্ৰিমিয়াৰশ্বীপৰ ক্লাব মাডাৰৱেল এফ চি দলৰ হৈ খেলাৰ বাবে বাচনি শিবিৰত বৃহস্পতিবাৰৰ পৰা অনুশীলনত অংশগ্ৰহণ কৰিব।

স্মৰ্তব্য যে ধীৰাজ সিঙ মৈৰাঙঠেমে যোৱা বছৰ ভাৰতত অনুষ্ঠিত হোৱা ১৭ অনুৰ্ধ ফুটবল বিশ্বকাপত ভাৰতৰ দলৰ হৈ গ’লৰক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে তেওঁ আই-লীগত খেলিছিল। যোৱা ২০১৭ চনৰ ৩১ ডিচেম্বৰত আই-লীগৰ চুক্তিৰ ম্যাদ উকলি গৈছিল।
ইয়াৰ পিছতে ধীৰাজক আই এছ এলৰ কেৰেলা ব্লাষ্টাৰ্ছৰ সৈতে চুক্তিবদ্ধ কৰা হৈছিল।

ধীৰাজৰ এজন ওচৰৰ বন্ধুৱে সংবাদমাধ্যমক জানিবলৈ দিয়ে যে মণিপুৰৰ ১৭ বছৰীয়া ভাৰতীয় গ’লকীপাৰ জনে মাডাৰৱেল এফ চিৰ মুখ্য দলৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰিব।

মনকৰিবলগীয়া যে যদিহে ধীৰাজে নিজৰ প্ৰতিভাৰে মাডাৰৱেল এফ চি দলৰ মুখ্য প্ৰশিক্ষকক আকৰ্ষণ কৰিব কৰিব পাৰে তেন্তে তেওঁ জুলাই মাহলৈ অপেক্ষা কৰিব লাগিব। কিয়নো জুলাইত তেওঁৰ বয়স ১৮ বছৰ হ’ব আৰু তেতিয়াহে দলটোৰ সৈতে চুক্তিবদ্ধ হ’ব পাৰিব।

১৭ অনুৰ্ধ ফুটবল বিশ্বকাপত ভাৰতীয় দলৰ হৈ গ’লৰক্ষকৰ দায়িত্ব গ্ৰহণ কৰা ধীৰাজে প্ৰতিযোগিতাখনত উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰিছিল যাৰ পৰিণতিতে মাডাৰৱেল এফ চিৰ প্ৰশিক্ষকে ধীৰাজক এই বাচনি শিবিৰলৈ আমন্ত্ৰণ কৰিছে।

জানিব পৰা মতে স্কটলেণ্ডত ধীৰাজৰ বাচনি শিবিৰৰ প্ৰশিক্ষণ তিনি সপ্তাহ চলাৰ সম্ভাৱণা আছে।