মঙলবাৰে উজনি অসমৰ তিনিচুকীয়া জিলাৰ গটঙত ৰাইজক আকৰ্ষণ কৰাৰ লগতে উপযুক্ত পৰ্যটন স্থান হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এটা সংহত ৰূপত বিষয় ভিত্তিক পৰ্যটন কেন্দ্ৰৰ বিকাশৰ উদ্দেশ্যেৰে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত স্বদেশ দৰ্শন আঁচনিৰ আধাৰশিলা স্থাপন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
উল্লেখ কৰিব পাৰি যে ভাৰত চৰকাৰে ঘৰুৱা আৰু বিদেশী দুয়োধৰণৰ পৰ্যটককে আকৰ্ষণ কৰাৰ বাবে বিশেষ বিষয়বস্তুক কেন্দ্ৰ কৰি একোটা পৰ্যটন কেন্দ্ৰ গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। স্বেদশ দৰ্শন আঁচনিৰ অধীনত তেৰটা বিষয়বস্তুভিত্তিক কেন্দ্ৰ গঢ়ি তোলাৰ বাবে চিনাক্ত কৰা হৈছিল। সেই কেইটা হৈছে উত্তৰ-পূব ভাৰত কেন্দ্ৰ, বুদ্ধ ধৰ্মসম্বন্ধীয় কেন্দ্ৰ, হিমালয় কেন্দ্ৰিক কেন্দ্ৰ, উপসাগৰীয় কেন্দ্ৰ, কৃষ্ণ চৰ্চা ভিত্তিক কেন্দ্ৰ, মৰুভূমিকেন্দ্ৰিক কেন্দ্ৰ, জনজাতীয় কেন্দ্ৰ, প্ৰাকৃতিক কেন্দ্ৰ, বন্যপ্ৰাণী ভিত্তিক কেন্দ্ৰ, গ্ৰাম্য কেন্দ্ৰ, আধ্যাত্মিক কেন্দ্ৰ, ৰামায়ন কেন্দ্ৰ আৰু ঐতিহ্য কেন্দ্ৰ।
মুখ্যমন্ত্ৰী সোণোৱালে আজি আধাৰশিলা স্থাপন কৰা কেন্দ্ৰটো হৈছে মানাহ-পবিতৰা-নামেৰী-কাজিৰঙা-পানী দিহিং-ডিব্ৰু ছৈখোৱা বন্যপ্ৰাণী কেন্দ্ৰ। ১৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই কেন্দ্ৰটোত গঢ়ি উঠিব পৰ্যটক তথ্য কেন্দ্ৰ, নিৰীক্ষণ স্তম্ভ, কাফেটেৰিয়া, সংযোগী পথ, হস্তশিল্প প্ৰদৰ্শনী কেন্দ্ৰ, বিনোদন মঞ্চ,সুৰক্ষা দেৱাল ইত্যাদি।
অনুষ্ঠানত ভাষণ ৰাখি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে প্ৰকল্পটোৰ স্থানীয় পৰম্পৰা, সংস্কৃতি আৰু ৰীতি- নীতি সংৰক্ষণৰ সম্ভাৱনা আছে। ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰক আগবঢ়াই নিবলৈ সক্ষম এই পৰ্যটন কেন্দ্ৰই স্থানীয়ভাৱে সংস্থাপনৰ সুবিধাও আগবঢ়াৱ। সোণোৱালে লগতে চাবুৱাৰ জনসাধাৰণক প্ৰকল্পটো তেওঁলোকৰ নিজৰ হিচাপে গণ্য কৰিবলৈ আহ্বান জনাই প্ৰকল্পটোৰ সফল ৰূপায়নৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা পৰ্যটন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত ভাষণ দি প্ৰকল্পটোক পৰ্যটক আকৰ্ষণৰ এক বিশাল ক্ষেত্ৰ বুলি অভিহিত কৰে।