• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

আমি কি এক সংকটত পতিত হৈছোঁ?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 1, 2025 8:32 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

साहित्य-संगीत-कलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः। तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् ॥

ভৰ্ত্তৃহৰিৰ এই শ্লোকটো আমি হাইস্কুলত, বোধহয় অষ্টম শ্ৰেণীত পঢ়িছিলোঁ। পঢ়িছিলোঁ মানে মুখস্থ কৰিছিলোঁ প্ৰমোদ শাস্ত্ৰী চাৰৰ সংস্কৃত ক্লাচত। ভৰ্ত্তৃহৰি পঞ্চম শতিকাৰ এজন সংস্কৃত পণ্ডিত আৰু দাৰ্শনিক। এই শ্লোকটোৰ  অসমীয়া অৰ্থ কৰিলে হ’ব- সাহিত‍্য, সংগীত, কলাত ৰাপ নথকা মানুহ পশুতুল‍্য, পশু আৰু তেওঁলোকৰ মাজৰ পাৰ্থক‍্য  ইমানেই যে তেওঁলোকৰ শিং আৰু নেজ নাই আৰু  ঘাঁহ নোখোৱাকৈও যে তেওঁলোক জীয়াই থাকিব পাৰে, সেইটো পশুবোৰৰ কাৰণেই পৰম সৌভাগ‍্যৰ কথা। কথাটো শুনিলে আজিৰ পশুপ্ৰেমীসকলে বেজাৰ পাব পাৰে। কিয়নো মানুহ আজি ইমান হীন কামত নামিছে যে মানুহক আজি কোনেও পশুতকৈ উত্তম বুলি নাভাবে। পশুৰ পৰা মানুহৰ শিকিব লগা প্ৰথম জ্ঞান হৈছে প্ৰবৃত্তিগত(instinctive) জ্ঞান।

Apply Now

যেতিয়া এটা প্ৰজাতিৰ পশুৱে আন এটা প্ৰজাতিৰ পশু চিকাৰ কৰি খায় চিকাৰ কৰাটোৱে কিমান কষ্ট আৰু কৃচ্ছ্ৰসাধন কৰে দেখিছেনে? ঠিক তেনেদৰে চিকাৰী জন্তুৰ পৰা নিজকে বচাই ৰাখিবলৈ চিকাৰৰ উপলক্ষ জন্তুৱে কি নকৰে, পানী খাওঁতে, আনকি ঘাঁহ খাই থাকোঁতে ডিঙি দাঙি দাঙি ইফালে সিফালে চাই থাকে। গতিকে দুঃসাহস আৰু সতৰ্কতাৰ শিক্ষা আমি পশুৰ পৰা পোৱা নাই জানো? কিন্তু সময়ৰ কথা এটাও আছে।ভৰ্ত্তৃহৰিৰ পঞ্চম শতিকাৰ পটভূমিটো আমি পাহৰি যাব নালাগিব।

পিছে, পঞ্চম শতিকাৰ প্ৰাকৃতিক আৰু বন‍্য পৰিবেশৰ পিছতো, আজিও কিয় এই শ্লোকটো প্ৰাসংগিক? আচলতে, এই শ্লোকটোৰ কথা মোৰ মনলৈ আহিছে জয়ন্ত নাৰলিকাৰৰ আত্মজীৱনী ‘My Tale of Four Cities’ খন পঢ়ি থাকোঁতে।নাৰলিকাৰ অলপতে ঢুকাইছে। তেওঁৰ মৃত‍্যৰ পিছত মই তেওঁৰ ‘The Scentific Edge’ নামৰ কিতাপখন মনোযোগেৰে পঢ়িলোঁ। তাৰপিছত, এতিয়া অতি আগ্ৰহ আৰু আন্তৰিকতাৰে তেওঁৰ আত্মজীৱনীখন পঢ়ি আছোঁ। নাৰলিকাৰ বোধহয় ভাৰতৰ সমসাময়িক সময়ৰ আটাইতকৈ প্ৰখ‍্যাত জ‍্যোতিৰ্পদাৰ্থবিজ্ঞানী।দেশৰ ভিতৰে-বাহিৰে তেখেতৰ কি খ‍্যাতি আছিল! নাৰলিকাৰৰ সাক্ষাৎকাৰবোৰ চাবচোন। বৈজ্ঞানিক গৱেষণা, জিজ্ঞাসা আৰু অনুসন্ধানক তেওঁ কি সৰ্বোত্তম কলাৰ পৰ্যায়লৈকে লৈ গৈছে!  আত্মজীৱনীখনৰ  কিছুমান কথা কেনে সোণসেৰীয়া! উদাহৰণ হিচাপে এই কথাখিনিকে চাওকচোন। “এইটো সঁচা, কোনোবাই ক’ব পাৰে যে  শৈশৱত মই টিভি চোৱাৰ সুবিধা পোৱা নাছিলোঁ। নিশ্চিতভাৱে সেইসময়ত ডন ব্ৰেডমেনৰ খেল, ধ্যান চান্দে দিয়া গ‘ল বা অল ইংলেণ্ড বেডমিণ্টনৰ ফাইনেল খেল চাবলৈ পোৱা হ’লে মোৰ  কিমান যে ভাল লাগিলহেঁতেন৷ টিভি থকা হ’লে জৱাহৰলাল নেহৰুৱে স্বাধীন ভাৰতৰ ঘোষণা কৰাটো চাব পাৰিলোঁহেঁতেন, বা দেশ বিভাজনৰ সময়ত হোৱা নৰসংহাৰ দেখি স্তম্ভিত হ’লোঁহেঁতেন বা দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ ইংগিত দিবলৈ চাৰ্চিলে দেখুৱা বিজয় চিহ্নৰ দৰে যুগান্তকাৰী ঘটনাবোৰ টিভিৰ পৰ্দাত চাব পাৰিলোঁহেঁতেন৷ আজিৰ শিশুসকলে এইবোৰ  সুবিধা লাভ কৰিছে যিবোৰ সঁচাকৈয়ে শিক্ষাপ্ৰদ। কিন্তু এতিয়া প্ৰায় সকলো চেনেলে দিনে-ৰাতিয়ে চাৰিওফালে যিবোৰ আৱৰ্জনা বিয়পাই আছে, সেইবোৰৰ কু-প্ৰভাৱহে শিশুসকলৰ ওপৰত বেছিকৈ পৰিছে। এই অনুষ্ঠানবোৰে শিশুক পঢ়া-শুনাৰ পৰা আঁতৰাই নিয়ে আৰু তাতোকৈ ডাঙৰ কথা,  টিভিৰ কাৰণেই আজি-কালিৰ ল’ৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ সৈতে সময় কটাবলৈ সময় নোপোৱা হৈছে। সেয়ে শৈশৱত  টিভি চাবলৈ নোপোৱা বাবে মই নিজকে বৰ্তমানৰ শিশু সকলতকৈ বেছি সৌভাগ্যবান বুলিহে ভাবোঁ।” ( ‘It is true that one may argue that in my childhood I did not have access to TV. Certainly, I would have loved to watch Don Bradman play, see Dhyan Chand score a stream of goals, or see the All England badminton finals. Had TV been there, I could have watched Jawaharlal Nehru herald India’s independence, or been shocked by the massacres at partition or seen Churchill show the V-sign to signify the end of World War II. Today’s children have access to events like these which can be highly educative. But they also have access in a far greater measure, to the load of trash that is peddled on almost all channels. These programmes can be distracting and take the viewers away from their studies or even more importantly, from interacting with their parents. I feel that on the whole not having a TV to distract my mind I was more fortunate as a child than today’s children.)

জয়ন্ত নাৰলিকাৰৰ আত্মজীৱনীখন পঢ়ি থাকোঁতে মোৰ  কিয় ভৰ্ত্তৃহৰিৰ শ্লোকটো মনলৈ আহিছিল? আচলতে দেশত স্বাভাৱিক পৰিস্থিতি চলি থাকিলে আমি কি কৰিব লাগে? সাহিত‍্য, কলা, বিজ্ঞান বা আন তেনে অজস্ৰ বিষয়ত মনোযোগ দি সেইবোৰৰ উৎকৰ্ষ সাধনত  ব‍্যস্ত থাকিব লাগে। তাৰমানে যাৰ যিটো কাম সি তাত মনপুতি লাগি থাকিব লাগে।কিন্তু পেছাদাৰী ৰাজনীতিক নোহোৱা সত্ত্বেও কিয় আজি প্ৰায় সকলো সচেতন নাগৰিকৰ  মানসিক পৰিমণ্ডল ৰাজনৈতিক কাৰ্যকলাপে আচ্ছন্ন কৰি ৰাখিছে? তাৰ একমাত্ৰ কাৰণ এইটোৱেই যে আজি সাহিত‍্য, সংস্কৃতি, শিক্ষা, বিজ্ঞানকে ধৰি  সমাজৰ এনে এটা দিশ নাই যিটোত বিজেপি-আৰ এচ এচে দখল দিয়া নাই, যিটো বিজেপি-আৰ এচ এচৰ ৰাজনীতিয়ে প্ৰদূষিত কৰা নাই।এতিয়া সমাজৰ সকলোতে হিন্দুত্ববাদী ৰাজনীতিৰ এক সৰ্বগ্ৰাসী প্ৰভাৱ।সেই কাৰণেই আজি ঐতিহাসিক, বিজ্ঞানী, কলাকাৰ, সংগীতজ্ঞ, কবি, লেখক, বুদ্ধিজীৱী, সাংবাদিক কোনোৱে হিন্দুত্ববাদী সকলৰ আক্ৰমণৰ পৰা বাচি যোৱা নাই। সময় এতিয়া এক দুঃসময়লৈ পৰ্যৱসিত হৈছে! সেইকাৰণেই কোনেও আজি নিজৰ কামত মনপুতি লাগিব পৰা নাই।পিশাচী ৰাজনীতিয়ে এফালৰ পৰা সকলো গিলি আহিছে।সেইকাৰণেই দলীয় ৰাজনীতিৰ লগত সম্পৰ্ক নথকা মানুহেও এতিয়া অনবৰতে ৰাজনীতিৰ চিন্তা কৰিব লগা হৈছে।সমাজলৈ এক সুস্থ ৰাজনৈতিক বাতাবৰণ ঘূৰাই আনিবলৈ অনবৰতে চেষ্টা কৰি থাকিব লগা হৈছে।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd