স্বাধীনতা দিৱসৰ দিনা শুভমুক্তি পাব ৰীমা কাগতি পৰিচালিত ছবি ‘গ’ল্ড’

Akshay Kumar starer movie Gold

অসমৰ ৰীমা কাগতিয়ে পৰিচালনা কৰা নতুন হিন্দী ছবি ‘গ’ল্ড’ মুক্তিৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে। ১৫ আগষ্ট তথা স্বাধীনতা দিৱসৰ দিনা ভাৰতৰ সকলো ছবিগৃহতে উপলব্ধ হ’ব বহু অপেক্ষাৰত এই ছবিখন।

খেল তথা খেলুৱৈৰ জীৱনকলৈ নিৰ্মাণ কৰা বলিউডৰ ছবিসমূহ সদায় জনপ্ৰিয়তাৰ শিখৰত থকা পৰিলক্ষিত হয়। সেই দিশৰ পৰা চাব গ’লে ৰিমা কাগতিৰ এই ‘গ’ল্ড’ ছবিখনো এখন খেলুৱৈৰ জীৱনক লৈ নিৰ্মিত ছবি।

ছবিখনত প্ৰথমবাৰৰ বাবে স্বাধীন ৰাষ্ট্ৰ হিচাপে ১৯৪৮ চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণ কৰিছিল আৰু হকী খেলত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা বিষয়টো দেখুওৱা হৈছে।। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে।

উল্লেখযোগ্য যে সোমবাৰে মুকলি কৰা ছবিখনৰ প্ৰথমটো বিজ্ঞাপনে ছবি অনুৰাগী সকলৰ মাজত বেছ উৎকণ্ঠাৰ সৃষ্টি কৰা দেখা গৈছে। আনহাতে, ‘অভি টক ইণ্ডিয়া ছুপ থা, অৱ হম লোগ বোলেগা ঔৰ দুনীয়া ছুনেগা’ শীৰ্ষক শক্তিশালী ত্যাগলাইন প্ৰয়োগ কৰাও দেখা গৈছে।

ফাৰহান আখতাৰ আৰু ৰিতেশ চিধৱানিয়ে প্ৰযোজনা কৰিবলগীয়া ছবিখনত কুনাল কাপুৰ, অমিত ছাধ, বিনীত সিঙৰ লগতে বহুতো প্ৰতিভাশালী অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।

পৰিচালক কাগতিয়ে ছবিখনৰ সন্দৰ্ভত কয়, ‘ছবিখনত কি হয় সেয়া সম্পূৰ্ণ কাল্পনিক। আৰু ছবিখনত একমাত্ৰ সোণৰ পদকৰ জয়যাত্ৰায়ে দেখুওৱা নহয়, ছবিখনে ভাৰতীয় ইতিহাসৰ গুৰুত্বপূৰ্ণ ১২টা বছৰৰ বিষয়য়েও উপস্থাপন কৰিব’।

ছবিখন সুন্দৰকৈ উপস্থাপন কৰিবলৈ তথা হকীখেলৰ দৃশ্যসমূহ মনোগ্ৰাহী কৰি তোলাৰ উদ্দেশ্যে অভিনেতাসকলক অৰ্জুন বঁটা বিজয়ী ভাৰতীয় হকী দলৰ প্ৰাক্তন খেলুৱৈ তথা অধিনায়ক সন্দীপ সিঙৰ ওচৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিয়া বুলিও জানিবলৈ দিয়ে।

গুৱাহাটীৰ পৰা হিন্দী ছবি জগতলৈ যোৱা ৰিমা কাগতিয়ে সহ পৰিচালক হিচাপে জীৱনৰ আৰম্ভণি কৰিছে জনপ্ৰিয় হিন্দী ছবি ‘দিল চাহতা হে’, ‘লক্ষ্য’ আৰু ‘লাগান’ৰ জৰিয়তে।

স্মৰ্তব্য যে জনপ্ৰিয় কমেডী ছবি হনিমুন ট্ৰেভেলছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে কাগতিয়ে পৰিচালক জীৱনৰ আৰম্ভণি কৰিছিল। তেওঁ পৰিচালনা কৰা আটাইতকৈ সফল ছবিখন হৈছে আমিৰ খান, কৰীণা কাপুৰ, ৰাণী মুখাৰ্জী আৰু নৱাজুদ্দিন চিদ্দিকী অভিনীত তালাছ।