স্বামীৰ পিছত এইবাৰ লেখাপানী আৰক্ষীৰ জালত পৰিল মহিলা ড্ৰাগছ ব্যৱসায়ী

Drugs dealer arrested

দীৰ্ঘদিন ধৰি তিনিচুকীয়াত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অৱশেষত আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ী। তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত লাকলা কাৰপমপুলি গাঁৱৰ মহিলা গৰাকীক লেখাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ব্ৰাউন চুগাৰৰ ব্যৱসায়ৰ লগত জড়িত বুলি আৰক্ষীয়ে প্ৰকাশ কৰা সোণমনি বৰুৱা নামৰ ধৃত মহিলা গৰাকীৰ স্বামী হৈছে লেখাপানীৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী দুলু বৰুৱা।

বৰ্তমান জেইলত বন্দী হৈ থকা দুলু বৰুৱাক যোৱা ২৬ জুলাইত লেখাপানী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি  ৫০ গ্ৰাম ব্ৰাউন চুগাৰসহ আটক কৰিছিল। পৰৱৰ্তী সময়ত ভাৰতীয় দণ্ডবিধীৰ ৭৮/য়ু এছ ২২ বি/ এন ডি পি এছ ধাৰাত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তেওঁক জেইললৈ প্ৰেৰণ কৰে।

স্বামীৰ পদাংক অনুকৰণ কৰি ড্ৰাগছৰ ব্যৱসায়ত নামি পৰা সোণমনি বৰুৱা স্বামী জেইললৈ যোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল। দীৰ্ঘদিন ধৰি সোণমনি বৰুৱাই গুৱাহাটীত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰে লেখাপানী আৰক্ষীয়ে। অৱশেষত মংগলবাৰে গাড়ীৰে জাগুন অভিমুখে গৈ থকাৰ খবৰ লাভ কৰি ৰাজপথতে আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে আৰক্ষীয়ে ধৃত মহিলা গৰাকীক লেখাপানী থানাত জেৰা চলাই পূৰ্বৰ গোচৰত জেইল হাজোতলৈ প্ৰেৰণ কৰিছে।