ফিনলেণ্ডৰ টেম্পৰেত অনুষ্ঠিত ২০ অনূৰ্ধ্বৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰ শাখাত স্বৰ্ণপদক অৰ্জনেৰে দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনা দৌৰবিদ হিমা দাসৰ জন্মগাঁও ধিং ৩ নং কান্ধুলি মাৰীত প্ৰতিদিনেই বিৰাজ কৰিছে এক উদুলি-মুদুলি পৰিৱেশে।
কিয়নো দেশ তথা ৰাজ্যৰ ৰাজনৈতিক নেতা, বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে শুভেচ্ছা প্ৰদান কৰাৰ লগতে হিমাৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি অভিনন্দন জনোৱাৰ উদ্দেশ্যে বাসগৃহত নিতৌ আগমন ঘটিছে অজস্ৰ গুণমুগ্ধৰ। ঠিক সেইদৰে বুধবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও উপস্থিত হয় হিমাৰ বাসগৃহত।
প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী হিমাৰ কান্ধুলি মাৰীৰ বাসগৃহত উপস্থিত হৈ পিতৃ-মাতৃক শৰাই, গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়।
ইপিনে, হিমা দাসৰ বাসগৃহত আলফা নেতা জিতেন দত্ত আৰু অসম সত্ৰ মহাসভাৰ পশ্চিম নগাঁও জিলা সমিতিৰ এটা দলো উপস্থিত হয়। ইতিহাস সৃষ্টি কৰি দেশবাসীক গৌৰৱান্বিত কৰা হিমাৰ এই সাফল্যৰ বাবে পিতৃ-মাতৃক অসমীয়াৰ স্বাভিমান গামোচা পিন্ধাই অভিনন্দন জ্ঞাপন কৰে।