ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ বিভিন্ন ঠাইত বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে বাক্সা জিলাৰ তামুলপুৰত চলিছে বনৰীয়া হাতীৰ উপদ্ৰৱ। বনৰীয়া হাতীৰ আক্ৰমণত যোৱা ১০ জুলাইৰ নিশা গুৱাবাৰী গাঁৱৰ বৰ্মন চুপাৰ লক্ষ্মীন্দৰ বৰ্মন (৫৪ বছৰীয়া) নামৰ এজন লোকে কৰুণ মৃত্যুক সাৱটি ল’ব লগা হয়।
জানিব পৰা মতে খাদ্যৰ সংকটত ভোগা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই পোৱালিসহ পাহাৰৰ পৰা নামি আহি বিগত এপষেক ধৰি নাগ্রীজুলি অঞ্চলত বিচৰণ কৰি উপদ্ৰৱ চলাই আহিছে আৰু বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি খাদ্য-সামগ্ৰী খাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।
যোৱা কালি মাজনিশা বনৰীয়া হাতীৰ এটি জাকে খাদ্যৰ বাবে ভুটান সীমান্তৰ কুমাৰীকটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ গুৱাবাৰী গাঁৱত প্ৰৱেশ কৰে। বনৰীয়া হাতীৰ জাকটো গাওঁখনত প্ৰৱেশ কৰাৰ লগে লগে আতংকৰ সৃষ্টি হয় আৰু গাওঁখনত হউৱা-দুৱা লাগে। গাওঁখনৰ লোক সকলে নিজৰ ঘৰ-দুৱাৰ এৰি পলায়ন কৰি নিৰাপদ দূৰত্বত আশ্ৰয় লয়। গাঁওখনৰ কিছু লোকে কাঁহী-বাতি, টিন আদি বজাই, জুই জ্বলাই বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা কৰে। ৰাইজৰ হাই-উৰুমী শুনি হাতীৰ জাকটো কিছু দূৰ আঁতৰি যায় যদিও হঠাতে জাকটোৰ পৰা লাডেন নামেৰে খ্যাত প্ৰকাণ্ড হাতীটোয়ে অধিক আক্রমণাত্মক হৈ পৰে আৰু মানুহৰ জাকটোক খেদি আহে।
বনৰীয়া হাতীটোৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ লোকসকলে যেনি-তেনি দৌৰি পলায় যায় যদিও লক্ষ্মীন্দৰ বৰ্মন নামৰ লোকজন মাটিত বাগৰি পৰে। লগে লগে বনৰীয়া হাতীটোৱে লক্ষ্মীন্দৰক সুৰেৰে মেৰিয়াই মাটিত আছুৰি আৰু গচকি হত্যা কৰে। লাডেনৰ আক্ৰমণত লক্ষ্মীন্দৰ ঠাইতে নিহত হয়। লক্ষ্মীন্দৰক হত্যা কৰাৰ উপৰিও গুৱাবাৰী গাঁওত বনৰীয়া হাতীৰ জাকটোৱে কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে। উল্লেখ্য যে বিগত প্ৰায় ১৫ বছৰত বনৰীয়া হাতীৰ আক্ৰমণত অকল তামুলপুৰ মহকুমাত ৭১ জনতকৈ অধিক লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে ৮ টাকৈ বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱাইছে। ইয়াৰ উপৰিও আন এটা বনৰীয়া হাতীৰ জাকে নাগ্রীজুলিৰ অৰঙাজুলি গাঁওত প্ৰৱেশ কৰে আৰু লোহিত সূত্ৰধৰ আৰু ৰেণু সূত্ৰধৰ নামৰ দুটা পৰিয়ালৰ কেইবাটাও ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে আৰু ঘৰৰ ভিতৰত থকা ধান চাউল আদি খাই তহিলং কৰে। ইয়াৰ উপৰিও হাতীৰ জাকটোৱে ঘৰৰ ভিতৰৰ আচবাব আদিও গচকি ভাঙি-ছিঙি চুৰমাৰ কৰে। বনৰীয়া হাতীয়ে যেন এতিয়া চলাই গৈছে মানুহৰ বিৰুদ্ধে বিদ্ৰোহ।
জীৱশ্ৰেষ্ঠ মানুহৰ অদূৰদৰ্শিতাৰ বাবে আৰু অবাধ বনাঞ্চল ধ্বংসৰ বাবে খাদ্য সংকতত ভোগা বনৰীয়া হাতীৰ জাকে এনেদৰে বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহি সংঘাতত লিপ্ত হৈ আহিছে আৰু অতি সম্প্ৰতি এই সংঘাতে তীব্রৰূপ ধাৰণ কৰিছে। ইপিনে বছৰৰ পিছত বছৰ ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে যদিও বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ চৰকাৰ কিম্বা বন বিভাগে আদ্যপি কোনো ধৰণৰ অভিলাষী আঁচনি গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু কিমান নিৰীহ লোকে জীৱন হেৰুৱাব লাগে নাইবা কিমান বন্যহস্তীযে প্ৰাণ হেৰুৱাব লাগে তাৰ কোনো নিশ্চয়তা নাই। অনতি পলমে বনৰীয়া হাতীৰ জাকটোক নিয়ন্ত্ৰণ কৰি বনৰীয়া হাতীৰ জীৱনৰ নিৰাপত্তা দিয়াৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰও দাবী জনাইছে নাগ্রীজুলিবাসী ৰাইজে।
উল্লেখযোগ্য যে ভুটান সীমান্তৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ নাগ্রীজুলিৰ পূব-গুৱাবাৰীত ( ২নং দোংৰগাওঁ) এটা বনৰীয়া হাতীৰ মৃত্যু হৈছিল।