হাঁহিবলৈ সাজু হওক : ছবিগৃহত ১৮ মে’ত আহি আছে হাস্য-ব্যংগ ছবি তাণ্ডব অব পাণ্ডব

New Assamese Film

অসমৰ চলচ্চিত্ৰ জগতৰ কেইগৰাকীমান জনপ্ৰিয় কৌতুক অভিনেতাৰ অভিনয়ৰে ৰাইজক হঁহুৱাবৰ বাবে অহা ১৮ মে’ত ছবিগৃহলৈ আহি আছে ‘তাণ্ডব অব পাণ্ডব’। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ তেজপুৰ, ডিব্ৰুগড়, যোৰহাটৰ লগতে মহাবিদ্যালয়সমূহতো চলচ্চিত্ৰখনৰ প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে চিনেমাখনৰ সৈতে জড়িত কলা-কুশলীসকল।

মহাভাৰতৰ পঞ্চপাণ্ডবৰ দৰে এই চলচ্চিত্ৰখনতো আপোনালোকে দেখা পাব পঞ্চ পাণ্ডবক। কিন্তু মহাভাৰতৰ পঞ্চপাণ্ডবৰ চৰিত্ৰৰ সৈতে এইকেইজন পঞ্চপাণ্ডবৰ চৰিত্ৰৰ মিল আছে নে নাই তাক জানিবলৈ আপোনালোক অহা ১৮ মে’লৈকে অপেক্ষা কৰিব লাগিব।

চলচ্চিত্ৰখনৰ প্ৰচাৰৰ উদ্দেশ্যে ছবিখনৰ অভিনেতা, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজকে গুৱাহাটী প্ৰেছ ক্লাবত আজি এখন সংবাদ মেল সম্বোধন কৰে।

আৰিয়ান এন্টাৰটেইনমেন্টৰ নিবেদিত জনপ্ৰিয় গল্পকাৰ বৈদুয্য বৰুৱাৰ ৰচনা আৰু চিত্ৰ নাট্যৰে তথা অংকিতা চৌধুৰীয়ে প্ৰযোজনা কৰা চলচিত্ৰখন পৰিচালনা কৰিছে প্ৰিয়ম নিৰ্মলে।

চিনেমাখনৰ বিভিন্ন চৰিত্ৰত জ্যেষ্ঠ অভিনেতা জয়ন্ত দাস, জয়ন্ত ভাগবতী, হিৰণ্য ডেকা, বৰষাৰাণী বিষয়া, বিকিকে ধৰি অন্য বহুকেইগৰাকী ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে।

অহিৰ ভৈৰবে সংগীত পৰিচালনা কৰা এই চলচ্চিত্ৰখনৰ গীতসমূহত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ, বংগৰ নচিকেতা, সুবাসনা দত্ত আৰু নীল আকাশে। তদুপৰি ড০ অমৰ জ্যোতি চৌধুৰীৰ কন্ঠৰ এটা কবিতা আবৃত্তি এই চিনেমাখনৰ মুখ্য আকৰ্ষণ হ’ব।

সংবাদ মেলত উপস্থিত থাকি চলচ্চিত্ৰখনৰ চিত্ৰ নাট্যকাৰ বৈদ্যুয্য বৰুৱাই চিনেমাখনৰ নামটোৰ আঁৰৰ কাহিনী সন্দৰ্ভত কয় যে তেওঁ পৰিচালক প্ৰিয়ম নিৰ্মলক কেইটামান নিৰ্বাচিত নাম দিছিল আৰু তাৰ পৰা পৰিচালকজনে এই নামটো নিৰ্বাচন কৰিলে।

তেওঁ আৰু কয় ‘বিস্ময় আলোচনীত চেন্টু দা চৰিত্ৰৰ যোগেদি এসময়ত প্ৰভুত্ব বিস্তাৰ কৰিছিল অপু চিৰিজে। হাস্যমধুৰ এই কাহিনীসমূহৰ দৰেই এই চলচ্চিত্ৰখনৰ কাহিনীটো সম্পূৰ্ণ হাস্যৰস পোৱা যাব।’

আনহাতে ছবিখৰ অভিনেতা জয়ন্ত দাসে চিনেমাখন সন্দৰ্ভত কয় যে চিনেমাখন যদিও হাস্য-ব্যংগ তথাপিও এই চিনেমাখনৰ প্ৰত্যেক ঘটনাৰ জৰিয়তে এটা বাৰ্তা প্ৰেৰণ কৰিব খোজা হৈছে। লগতে তেওঁ কয় যে সময় পৰিবৰ্তন হোৱাৰ লগে লগে মানুহে হাঁহিবলৈ পাহৰি গৈছে সেয়েহে হাস্য-ব্যংগৰ মাধ্যমেৰে হাঁহিবলৈ পাহৰি যোৱা মানুহখিনিক এটা বাৰ্তা দিব বিচৰা হৈছে।