হাফলং-জাতিংগা ঘাইপথ নিৰ্মাণৰ কামত দুৰ্নীতি : তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী

Road pic

প্ৰস্তাৱিত হাফলং-জাতিংগা ৰাষ্ট্ৰীয় ঘাইপথৰ এটি দশ্য

হাফলং-জাতিংগা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দুইলেন যুক্ত ঘাইপথ নিৰ্মাণৰ কাম ২০১১ চনত আৰম্ভ হৈছিল। এই কামৰ দায়িত্ব লাভ কৰিছিল চিমপ্লেক্স চ’ম দত্ত জয়েন্ট ভেঞ্চাৰ নামৰ ঠিকাদাৰি সংস্থাটোৱে।

জাতিংগা পয়েন্টৰ পৰা হাফলং মুখ্য ডাকঘৰলৈকে ৭.৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কামৰ কাৰণে ২৫.৪৮ কোটি টকা ধাৰ্য কৰা হয়। কিন্তু যোৱা প্ৰায় সাত বছৰত চিমপ্লেক্সে পথ নিৰ্মাণৰ নামত তেইশ কোটি টকা আদায় কৰে। কিন্তু বাস্তৱত ঘাইপথ নিৰ্মাণৰ কাম ত্ৰিশ শতাংশও  সম্পূৰ্ণ হোৱা নাই।

প্ৰকৃততে ঘাইপথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ কাৰণেই পথ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই। যোৱা ১২ জানুৱাৰীত হাফলঙত গড়কাপ্তানি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হোৱাৰ সময়ত বিভিন্ন দল সংগঠনৰ ফালৰ পৰা মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি ঘাইপথৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ কথা কোৱা হৈছিল।

গড়কপ্তানি মন্ত্ৰীগৰাকীক তদন্ত বিচাৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল। অৱশ্যে, মন্ত্ৰী পৰিমল শুক্লবৈদ্যই লগে লগেই তদন্তৰ কথাও ঘোষণা কৰিছিল। কিন্তু আচৰিত কথা হ’ল যে মন্ত্ৰীৰ ঘোষণাৰ  দু’মাহ অতিক্ৰম কৰাৰ পিছত আজি কেইদিনমান আগতে বিভাগীয় অতিৰিক্ত মুখ্য অভিযন্তা স্যামন্ত বেজবৰুৱা হাফলঙত কেইঘন্টামানৰ কাৰণে উপস্থিত হৈ তদন্ত কৰি উভতি যায় বুলি জানিব পাৰা গৈছে।

আনহাতে, কামৰ তত্বাৱধানৰ দায়িত্বত থকা হাফলং গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা ইন্দ্ৰজিত বৰাৰ সংবাদ মাধ্যমৰ লগত কথা পতাৰ সময় নাই।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল উক্ত ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কোনো দায়িত্ব নাই। কামটো দিচপুৰে নিয়ন্ত্ৰণ কৰি আছে আৰু লগতে বিলসমূহো দিচপুৰৰ পৰাই আদায় দিয়া হয়। স্থানীয় হিচাপে দায়িত্বত আছে ইন্দ্ৰজিত বৰা। পিচে, বৰাৰ সময় নথকাৰ বিপৰীতে চিমপ্লেক্সৰ হাফলং প্ৰজেক্টৰ ম্যানেজাৰ অভিজিত দাসে নিজৰ খেয়াল খুচি মতে কাম কৰি গৈছে।

এতিয়া বিভিন্ন সুত্ৰৰ পৰা পোৱা তথ্য অনুসৰি হাফলং-জাতিংগা ঘাইপথত দুৰ্নীতি সন্দৰ্ভত লোকক দেখুৱাই তদন্তৰ কাৰণে বিভাগীয় অতিৰিক্ত মুখ্য অভিযন্তা হাফলঙত আহি গ’লেও বাস্তৱত তদন্তক লৈও ষড়যন্ত্ৰ চলাৰ কথা পোহৰলৈ আহিছে।

জানিব পৰা মতে এতিয়া নিৰ্মাণৰ কাম শেষ কৰাৰ কাৰণে চিমপ্লেক্সক চাপ দিয়া হৈছে। কিন্তু প্ৰশ্ন উঠিছে যে দিচপুৰৰ গড়কপ্তানি বিভাগৰ মুখ্য অভিযন্তাই কিহৰ ভিত্তিত তেইশ কোটি টকা মোকলাই দিছিল ? এনে ঘটনাৰ পৰা এটা বিষয় স্পষ্ট যে হাফলং-জাতিংগা ঘাইপথ নিৰ্মাণত ডাঙৰ চক্ৰ জড়িত হৈ আছে।

আনহাতে, ইন্দ্ৰজিত বৰা এই ঘাইপথ নিৰ্মাণ কামৰ লগত আৰম্ভণিৰ পৰাই এতিয়ালৈকে জড়িত হৈ আছে। সেয়েহে, দুৰ্নীতিৰ আঁৰৰ কাহিনী বৰাই নজনা নহয়, কিন্তু বৰাৰ সংবাদ মাধ্যমৰ সম্মুখীন হোৱাৰ সময় নাই।

ইপিনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হামজানন লাংঠাছাই হাফলং-জাতিংগা ঘাইপথ নিৰ্মাণৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ তদন্তৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাক দিয়াৰ দাবী জনাইছে।