হিংসাত্মক ঘটনা প্ৰতিহত কৰিবলৈ আৰক্ষীৰ প্ৰচেষ্টাৰ মাজতো শ্বিলঙত অব্যাহত আছে উত্তেজনা

shillong-saturday-570x320

ফটো : নৰ্থ ইষ্ট নাও

মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত আজিও উত্তেজনা অব্যাহত আছে। আনহাতে, আৰক্ষী আৰু অসামৰিক প্ৰশাসনে পুনৰ কোনো হিংসাত্মক ঘটনা যাতে বিয়পিব নোৱাৰে তাৰ বাবে সতৰ্ক হৈ পৰিছে।

চহৰখনৰ অধিকাংশ অঞ্চলতে এতিয়াও সান্ধ্য আইন বলবৎ হৈ আছে আৰু আৰক্ষীয়ে হিংসাত্মক ঘটনা যাতে বিয়পিব নোৱাৰে তাৰ বাবে স্পৰ্শকাতৰ অঞ্চলত তহল দি আছে।

চহৰখনৰ বাসিন্দাসকলৰ যাৱতীয় অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে আংশিকভাৱে সান্ধ্য আইন শিথিল কৰি দিয়াৰ সিদ্ধান্তটো আজি দিনৰ বিয়লিলৈকে লোৱা হ’ব।

ইয়াৰ মাজতে শুকুৰবাৰে পুৱতি নিশা প্ৰায় ২-৩০ মান বজাত একাংশ উন্মত্ত জনতা বৃহস্পতিবাৰে ঘটনা সংঘটিত হোৱা স্থানত সমবেত হৈছিল। অৱশ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু কোনো হিংসা বিয়পি পৰাটো প্ৰতিৰোধ কৰে।

শুকুৰবাৰে সন্ধিয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাই গৃহমন্ত্ৰী জেমছ কে ছাংমা আৰু আন কেবিনেট সতীৰ্থৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত হৈ চহৰখনত সৃষ্টি হোৱা আইন-শৃংখলাজনিত পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

ফটো : নৰ্থ ইষ্ট নাও

বৈঠকৰ পিছত কনৰাড ছাংমাই সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্য চৰকাৰে আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিছে।

কনৰাডে লগতে কয় যে উত্তেজনাপূৰ্ণ পৰিস্থিতি বৰ্তি থকা স্থানসমূহত স্বাভাৱিক অৱস্থা ঘুৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নাগৰিকসকলক শান্তি বজাই ৰখাৰ বাবে আহ্বান জনায়।

ইয়াৰ মাজতে হিংসাত্মক কাৰ্য সংঘটিত কৰাৰ বাবে উচটনি দিয়া কমেও ১০ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে চহৰখনত মোবাইল ইন্টাৰনেট আৰু এছ এম এছ সেৱা বিচ্ছিন্ন হৈ আছে।

চহৰখনৰ মটফ্ৰান আৰু মাউখাৰ অঞ্চলৰ পৰা শুকুৰবাৰে সন্ধিয়াও শিলাবৰ্ষণৰ ঘটনাৰ বাতৰি পোৱা গৈছে। উল্লেখ্য যে বৃহস্পতিবাৰে আবেলি একাংশ বাছ চালক আৰু স্থানীয় বাসিন্দাৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটিছিল।

এগৰাকী খাচী যুৱক আৰু এগৰাকী পাঞ্জাৱী মহিলাৰ মাজত হোৱা বাক্-বিতণ্ডাৰ উৰা বাতৰি ছচিয়েল মিডিয়াত প্ৰচাৰিত হোৱাৰ পিছত সংঘটিত দলীয় হিংসাত্মক আক্ৰমণৰ ঘটনা পৰিপ্ৰেক্ষিতত প্ৰশাসনে চহৰখনৰ ১৪ টা অঞ্চলত সান্ধ্য আইন বলবৎ কৰিছিল।