হিন্দুসকলক সেৱা কৰাৰ চলেৰে খ্ৰীষ্টানসকলে ধৰ্মান্তকৰণৰ বাবে টাৰ্গেট কৰি লয় : সুৰেন্দ্ৰ কুমাৰ জৈন

সুৰেন্দ্র কুমাৰ জৈন

‘কিয় কাশ্মীৰৰ মুছলমান লোকসকলৰ ঘাটিসমূহত গীৰ্জাসমূহৰ দ্বাৰা এটাও সেৱাকাৰ্য্য সম্পাদন নহয়? ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে খ্ৰীষ্টানসকলে হিন্দুসকলক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তকৰণ কৰিবৰ বাবে টাৰ্গেট কৰি লয়।‘

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি বিশ্ব হিন্দু পৰিষদৰ  কেন্দ্ৰীয় সংযুক্ত মহামন্ত্ৰী সুৰেন্দ্ৰ জৈনে এই বিতৰ্কিত মন্তৱ্য কৰে।

উল্লেখ্য যে, কালি বিশ্ব হিন্দু পৰিষদৰ পৰা বিভক্ত হৈ গঢ় লোৱা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি প্ৰবীন ভাই টোগাৰিয়াই অসমত আহি মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ বিৰুদ্ধে বিৰূপ মন্তৱ্য কৰাৰ পাছতেই আজি পুনৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক টাৰ্গেট কৰি লৈ এই বিতৰ্কিত মন্তৱ্য কৰে সুৰেন্দ্ৰ কুমাৰ জৈন নামৰ গোড়া হিন্দুত্ববাদী নেতাজনে।

তেওঁ উক্ত সংবাদমেলতে ‘সমগ্ৰ বিশ্বতে গীৰ্জাবিলাক শিশু আৰু মহিলাৰ ক্ষেত্ৰত দুৰাচাৰ কৰাৰ এক কেন্দ্ৰ হিচাপে গঢ় লৈছে,‘ বুলিও গীৰ্জাসমূহৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনে।

আনহাতে, ‘উত্তৰ-পূৱত এই গীৰ্জাসমূহৰ অন্য এখন মুখ দেখিবলৈ পোৱা যায়।‘ এইবুলি মন্তৱ্য কৰি তেওঁ লগতে কয়,  ‘এই গীৰ্জাসমূহে সমাজত বিভাজনৰ বীজ ৰোপন কৰাৰ চেষ্টা কৰে। তেওঁলোকে উগ্ৰবাদীক সমৰ্থন দিয়াৰ লগতে আতংকবাদী সংগঠনসমূহৰ সৈতে এই গীৰ্জাসমূহৰ পোনপটীয়া সম্পৰ্ক আছে।‘

‘সেৱা কৰাৰ মানসেৰে খ্ৰীষ্টান লোকসকলে অন্য ধৰ্মৰ লোকসকলক ধৰ্মান্তকৰণ কৰি আছে তাৰো কিছুমান উদাহৰণ চকুৰ আগত আহিছে।‘ এইবুলি মত প্ৰকাশ কৰি জৈনে লগতে কয়,  ‘যদি দুখীয়া মানুহক সেৱা কৰাই এইসকলৰ মুখ্য উদ্দেশ্য তেন্তে মোৰ এটা প্ৰশ্ন আছে{ আজিলৈকে মুছলমানবহুল অঞ্চলত তেওঁলোকে সেৱা কাৰ্য্য কিয় নকৰিলে?’

তেওঁ আকৌ উগ্ৰবাদী সংগঠনৰ সৈতে গীৰ্জাসমূহৰ সম্পৰ্ক থকাৰ কথা ত্ৰিপুৰাৰ পূৰ্বৰ বামপন্থী চৰকাৰেও কৈছিল বুলি উক্ত সংবাদমেলত উল্লেখ কৰে। ত্ৰিপুৰাৰ বামপন্থী চৰকাৰখনে কেন্দ্ৰীয় গৃহ মন্ত্ৰীক গীৰ্জাসমূহৰ ওপৰত নিয়ন্ত্ৰণ আনিবৰ বাবে আবেদনো জনাইছিল বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে।

তাৎপৰ্য্যপূৰ্ণভাৱে, নাগালেণ্ড, মণিপুৰকে ধৰি উত্তৰ-পূবৰ অন্য ৰাজ্যসমূহৰ উগ্ৰবাদী সংগঠনসমূহৰ সৈতে এই গীৰ্জাসমূহৰ সম্পৰ্ক আছে বুলি তেওঁ দাবী জনায়।

‘তেওঁলোকক আমি স্পষ্ট কৰি দিব বিচাৰিছো যে এতিয়াৰ পৰা তেওঁলোকে হিন্দুসকলক টাৰ্গেট কৰি ল’ব নোৱাৰে। তেওঁলোকে নিজৰ সংস্কৃতি, পৰম্পৰাক অজস্ৰ ভাল পাই আৰু তেওঁলোকে এনেভাৱে বেলেগ ধৰ্ম জাপি দিয়া কথাটো কেতিয়াও মানি নলয়।‘ সুৰেন্দ্ৰ জৈনে সংবাদমেলত এইদৰে কয়।

আনহাতে, দেশৰ যি যি প্ৰান্তত গীৰ্জা আছে সেই প্ৰান্তসমূহত বিকাশ নহয় বুলি জৈনে দাবী কৰাৰ লগতে কয়, ‘য’ত বিকাশ নাই তাত বিনাশ হোৱাটো নিশ্চিত। গীৰ্জাসমূহ বিনাশৰ একো-একোটা প্ৰতীক হিচাপে পৰিগণিত হ’ল। উৰিষ্যাত গীৰ্জাৰ প্ৰভাৱ বেছি বাবে তাত বিকাশ কেতিয়াও নহয়। ত্ৰিপুৰা আৰু মণিপুৰতো যিবোৰ অঞ্চলত গীৰ্জা আছে সেই অঞ্চলসমূহৰো বিকাশ হ’ব পৰা নাই।‘

ইয়াৰোপৰি খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে গীৰ্জাসমূহে এক ব্যৱসায় চলাই থকাৰ অভিযোগ তুলি তেওঁ কয়, ‘যেতিয়ালৈকে সমাজ ব্যৱস্থা পিছপৰি থাকিব, তেতিয়ালৈকে খ্ৰীষ্টানসকলৰ ব্যৱসায়-বাণিজ্য ঠিকেই চলি থাকিব।‘

উক্ত সংবাদমেলৰ জৰিয়তে জৈনে কেন্দ্ৰীয় চৰকাৰক মাদ্ৰাছা আৰু গীৰ্জাসমূহৰ গতি-বিধিৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিবৰ বাবে আহ্বান জনায়।

আনহাতে, বিশ্ব হিন্দু পৰিষদেও গীৰ্জা আৰু মাদ্ৰাছাসমূহত চলি থকা আতংকবাদী কাৰ্য্যসমূহ বন্ধ কৰাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লোৱা বুলি তেওঁ সদৰী কৰে।

তদুপৰি একেখন সংবাদমেলতে  সমগ্ৰ বিশ্বই জনগাঁথনিৰ অসন্তুলনক লৈ সমস্যাৰ সন্মুখীন হৈছে বুলি সদৰী কৰি জৈনে কয়, ‘এই ক্ষেত্ৰত অসম চৰকাৰক ধন্যবাদ জনাইছো, তেওঁলোকে কেৱল ভাৰতৰ বাবে নহয় সমগ্ৰ বিশ্বৰ বাবে জনগাঁথনি অসন্তুলন সমস্যাৰ সমাধান দিছে।‘

অসম চৰকাৰে ‘একে জনসংখ্যা নীতি’ৰ জৰিয়তে ধৰ্মনিৰপেক্ষ দেশ এখনত সকলোকে এই নীতিৰ আধাৰত ৰাখিবৰ বাবে চেষ্টা কৰিছে বুলি তেওঁ সংবাদমেলত সদৰী কৰে।

আনহাতে, বিশ্ব হিন্দু পৰিষদৰ অধীনত ৬৪০২৭ খন কমিটিৰ মাধ্যমেৰে কাম কৰাৰ লগতে ৭০ হাজাৰতকৈও অধিক সেৱামূলক কাম সম্পাদন কৰা বুলিও তেওঁ সংবাদমেলত দাবী কৰে।