• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হিন্দু বাংলাদেশী : সমুখ সমৰত এ বি ভি পি বনাম অসমৰ জাতীয় সংগঠন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 26, 2018 8:49 pm
ABVP vs indigenous organisations of assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্মৰ ভিত্তিত দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill )ক লৈ ‘কিছুমান জাতীয়তাবাদী দল-সংগঠন তথা বুদ্ধিজীৱীয়ে’ ‘অপপ্ৰচাৰ’ চলাইছে বুলি বিজেপিৰ ছাত্ৰ সংগঠন এ বি ভি পিয়ে কালি ২৫ এপ্ৰিলত কৰা মন্তব্যক লৈ অসমৰ বিভিন্ন জাতীয় সংগঠনৰ নেতাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে অসমৰ প্ৰায়বিলাক জাতীয় সংগঠন তথা বুদ্ধিজীৱীয়ে ‘সৰ্বাত্মক বিৰোধিতা’ কৰা নাগৰিকত্ব সংশোধন বিধেয়কলৈ বিজেপিৰ ছাত্ৰ সংগঠনটোৰ লগতে ৰাজ্যৰ আন হিন্দুত্ববাদী সংগঠনসমূহে ‘পূৰ্ণ সমৰ্থন’ আগবঢ়াইছে।

চাওক এ বি ভি পিৰ ২৫ এপ্ৰিলৰ সংবাদমেলৰ নৰ্থ ইষ্ট নাও-এ কৰা লাইভ ভিডিঅ’।

হিন্দু বাংলাদেশীৰ সমৰ্থনত কৰা এ বি ভি পিৰ মন্তব্যক লৈ এবছু, আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ সৈতে হোৱা  নৰ্থ ইষ্ট নাও-ৰ এক্সক্ল্যুছিভ সাক্ষাৎকাৰ।

pramod boro absu

প্ৰমোদ বড়ো, সভাপতি, এবছু : গণতান্ত্ৰিক দেশ সকলোৰে কথা কোৱাৰ স্বাধীনতা আছে। আমিটো খিলঞ্জীয়াৰ অস্তিত্বটো নাইকিয়া কৰিব নোৱাৰো। আমি কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়কৰ হৈ অপ-প্ৰচাৰ চলোৱা নাই।

হিন্দু বাংলাদেশী আৰু অসমীয়াৰ কাজিয়া নলগা বুলি কৈ এ বি ভি পিয়ে ৰাজনীতি কৰিছে।

খিলঞ্জীয়াৰ অধিকাৰ কি হ’ব এই কথাটো বিধেয়কখনত স্পষ্ট কৰিব লাগে। এই কথাটো বিধেয়কখনত উল্লেখ কৰা নাই। অসমত বা উত্তৰ-পূৰ্বাঞ্চলত বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী আছে, তেনে ক্ষেত্ৰত কোটি কোটি লোকক যদি অনা হয়, তেন্তে এই ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহ নিঃশেষ হৈ যাব।

সেই বিধেয়ক যদি গৃহীত হয়, তেতিয়া জনগোষ্ঠীসমূহে কোনোপধ্যেই ৰাজনীতিত অংশগ্ৰহণ কৰিব নোৱাৰিব।

হিন্দু বাংলাদেশী বুলি নহয়, হিন্দু মুছলিম দুয়োটাকে আমি নতুনকৈ অনাটো নিবিচাৰো। যিহেতু এন আৰ চি প্ৰক্ৰিয়া হৈ আছে, গতিকে এন আৰ চি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’ব দিব লাগে, তেতিয়া ওলাই যাব ইয়াত কি আছে, কি নাই।

যদি বাংলাদেশত সঁচাকৈয়ে হিন্দু মানুহখিনিৰ সমস্যা হৈছে, তেন্তে ভাৰত চৰকাৰেনো কিয় আলোচনা কৰা নাই।

এতিয়াটো ভাৰতত ৮০ শতাংশই হিন্দু মানুহ আছে। মুছলিমবিলাক মাত্ৰ ১৪ শতাংশহে আছে। তেন্তে কিয়নো অশান্তি হৈ আছে?

 

lurinjyoti gogoi aasuলুৰীনজ্যোতি গগৈ, সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থা :

জাতীয় দল-সংগঠনে অপপ্ৰচাৰ চলাবলৈ কি আছে, তথ্যই কথা কৈ আছে নহয়। বিদেশী অসমলৈ অহাৰ ফলত ভাষাগত কি সমস্যা হৈছে, ৰাজনৈতিক অধিকাৰ ইয়াৰ খিলঞ্জীয়াসকলৰ হাতৰ পৰা গুচি যোৱাৰ যিটো কথা, এইবিলাক কথা অপ-প্ৰচাৰ কৰিবলগীয়া কথা নহয়। ৰাইজটো মূৰ্খ নহয়। অবৈধ বিদেশী প্ৰব্ৰজনৰ পিছত অসমত হোৱা পৰিস্থিতি ৰাইজে দেখিছে, এইটো আমি অপ-প্ৰচাৰ কৰা নাই, ৰাইজৰ বিষয়টোহে আমি প্ৰতিনিধিত্ব কৰিছো।

অসমত থকা হিন্দু বিদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এই পদক্ষেপ লৈছে।

ভোটবেংক সুৰক্ষিত কৰাৰ বাবেই তেওঁলোকে এনেধৰণৰ কাম-কাজ কৰি আছে। যদি বাংলাদেশত থকা জনজাতীয় অথবা হিন্দু লোকসকল নিপীড়িত অথবা শোষিত হৈ আছে তেন্তে তেওঁলোকে তথ্য দিয়কচোন।

২০১৪ চনলৈকে অহা হিন্দু বাংলাদেশীৰ আগতে ১৯৭১ চনলৈকে অহাখিনিয়েই সকলো ৰাজ্যতে ভগাই লওকচোন। অসমৰ খিলঞ্জীয়া লোকসকলে পাবলগীয়া সুবিধাখিনি প্ৰথমে ঠিক কৰি লওক।

Akhil_Gogoi kmss assam

অখিল গগৈ, নেতা, কৃষক মুক্তি সংগ্ৰাম সমিতি : অপপ্ৰচাৰ কোনো জাতীয়তাবাদী দল-সংগঠন অথবা বুদ্ধিজীৱীয়ে কৰা নাই। অপপ্ৰচাৰ কৰিছে এ বি ভি পিকে ধৰি বিজেপিৰ অন্তৰ্ভুক্ত গেৰুৱা বাহিনীটোৱে। তেওঁলোকে হিটলাৰৰ নাজি বাহিনীৰ দৰে অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত অপপ্ৰচাৰ চলাইছে।

এ বি ভি পি বোলা বস্তুটো হ’ল বিজেপি দলৰ এটা অংশ। এ বি ভি পিৰ জন্মই হৈছে কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি কৰিবলৈ।

এ বি ভি পিয়ে প্ৰচাৰ কৰিছে যে তেওঁলোকে ২০১৪ চনলৈকে অহাসকলক নাগৰিকত্ব দিব বিচাৰে। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কখন পঢ়ি চাওক, তাত দেখিব তেওঁলোকে অবৈধ অনুপ্ৰৱেশকাৰীৰ সংজ্ঞাটো বদলাই দিব বিচাৰিছে।

ভোট বেংকৰ স্বাৰ্থতে বিজেপিয়ে হিন্দু বাংলাদেশীক অসমলৈ আনিব খুজিছে।

যদি অসমৰ ৩ কোটি ১১ লাখ জনসংখ্যাৰ ওপৰত নতুনকৈ ১ কোটি ৭০ লাখ বাংলাদেশী জাপি দিয়া হয়, তেন্তে এটা এটা সমষ্টিত ডেৰ লাখকৈ হিন্দু বাংলাদেশী সোমাব। এইবিলাক হিন্দু বাংলাদেশী যদি অসমলৈ আহে, তেন্তে অসমীয়া ভাষাটো ভাষা হৈ থাকিবনে? অসমৰ ৰাজ্যভাষা তেতিয়া বাংলা হ’ব। গতিকে অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে অথবা ৰাজনৈতিক, অৰ্থনৈতিক ভেটি সুদৃঢ় কৰিবৰ বাবে প্ৰত্যেকগৰাকী অসমীয়াই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাটো অপৰিহাৰ্য্য হৈ পৰিছে।

বাংলাদেশৰ পৰা কোনো বড়ো-ৰাভা, হাচঙক আনিব খোজা হোৱা নাই। গোকাট মিছা মাতিছে এ বি ভি পিয়ে। তাৰ পৰা হিন্দু বাংলাদেশীক আনিব খোজা হৈছে। যদি বড়ো, ৰাভা, হাচং ইত্যাদি জনজাতীয় লোক আছেও, সেয়া এখন বা দুখন গাওঁ। এই জনজাতীয় লোকসকলক দেখুৱালে বুলিয়ে আমি ১ কোটি ৭০ লাখ বাংলাদেশীক আনিবলৈ দিম নেকি?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

September 19, 2025 11:26 am
অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd