হিমন্ত বিশ্বৰ দৰে এজন দল বাগৰা তথাকথিত দেশপ্ৰেমিকৰ পৰা আমি জাতীয়তাবাদৰ শিক্ষা নলওঁ : পলাশ চাংমাই

Akhil-Palash asked to vacate Assam Bhawan in New Delhi

পলাশ চাংমাই আৰু অখিল গগৈ। ফাইল ছবি।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে ধাৰাবাহিক আন্দোলন অব্যাহত ৰখাৰ সময়তে বিধেয়কখনৰ বিৰোধিতাত শক্তিশালী ভূমিকা লৈ থকা দুটাকৈ জাতীয় সংগঠন ক্ৰমে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ঐক্যবদ্ধভাৱে এই সংগ্ৰামখন আগ বঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

শনিবাৰে গুৱাহাটীৰ গান্ধীবস্তিত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত দুয়োটা সংগঠনৰ নেতৃত্বৰ মাজৰ এখন বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে সংগঠন দুটাই।

বৈঠকৰ শেষত কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈ, আৰু যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক পুতুল দত্তই এক সংবাদমেলযোগে এই কথা সদৰী কৰে।

বৈঠকৰ সিদ্ধান্তমৰ্মে দুয়োটা সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আগন্তুক দিনত যৌথভাৱে ধাৰাবাহিক আন্দোলন চলাই নিব বুলি সংবাদমেলত জানিবলৈ দিয়ে।

সংগঠন দুটাৰ নেতৃত্বই জনোৱামতে অসমৰ প্ৰতিখন জিলাতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে যৌথভাৱে আন্দোলন কাৰ্যসূচী হাতত ল’ব আৰু ইয়াৰ পাছতেই বিধেয়কখনৰ বিৰোধিতাৰ বাবে গুৱাহাটীত এখন ডাঙৰ সমাৱেশ অনুষ্ঠিত কৰিব।

কৃষক নেতা অখিল গগৈ আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে শনিবাৰৰ এই সংবাদমেলত জাতীয় অস্তিত্বৰ সংকটৰ এই সময়ছোৱাত ৰাজ্যৰ এক শক্তিশালী জাতীয় সত্তাৰূপে পৰিগণিত সদৌ অসম ছাত্ৰ সন্থাকো কৃষক মুক্তি আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগত সংগ্ৰামত চামিল হ’বৰ বাবে আহ্বান জনায়।

সংবাদমেলখনত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয়, “অসমৰ সমাজ জীৱনৰ সকলো স্তৰৰ মানুহেই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিছে। তৎসত্ত্বেও ৰাজ্যৰ মুখ্য মন্ত্ৰীজনে এতিয়াও স্পষ্টকৈ বিধেয়কখনৰ বিৰোধিতা কৰিব পৰা নাই।” তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ সংবাদমেলৰ পৰাই আহ্বান জনায়।

চাংমায়ে লগতে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰি কয়, “অসমৰ সমাজ জীৱনত অসম চুক্তিক নস্যাৎ কৰিব পৰা নাযায়। ইয়াৰ ঐতিহাসিক প্ৰমূল্য আছে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন দল বাগৰা তথাকথিত দেশপ্ৰেমিকৰ পৰা আমি জাতীয়তাবাদৰ শিক্ষা নলওঁ।”

আনহাতে, এই সংবাদমেলতেই ২০ মে’ত অনুষ্ঠিত হ’ব লগীয়া ‘নেডা’ৰ বৈঠক বৰ্জন কৰিবলৈ চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদক অখিল গগৈয়ে আহ্বান জনায়। তেওঁ লগতে কয়, “যদিহে অগপই নেডাৰ বৈঠকত অংশগ্ৰহণ কৰে, তেওঁলোকে তাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰক। অন্যথা অগপই ক্ষমতাৰ বাবে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰাহে হ’ব।”