• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিৰ’ ইণ্টাৰনেশ্যনেল কাপত জিলিকিছে উত্তৰ-পূবৰ দুই ফুটবলাৰ জেজে আৰু হলিচৰণ নাৰ্জাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 5, 2018 10:13 am
Jeje-Lalpekhlua

ফাইল ফটো : জেজে

177
VIEWS
Share on FacebookShare on Twitter

মুম্বাইৰ আন্ধেৰী স্প’ৰ্টছ ক’মপ্লেক্সত চলি থকা হিৰ’ ইণ্টাৰনেশ্যনেল কাপত জিলিকি উঠিছে উত্তৰ-পূবৰ দুই তাৰকা ফুটবলাৰ ক্ৰমে জেজে আৰু হলিচৰণ নাৰ্জাৰী। দুয়োগৰাকী খেলুৱৈয়ে ভাৰতীয় দলৰ বিজয়ত লৈছে মুখ্য ভূমিকা।

প্ৰতিযোগিতাৰ প্ৰথমখন মেচত চীনা টাইপেৰ বিপক্ষে ৫-০ ৰ বৃহৎ ব্যৱধানত জয়ী হয় ভাৰত। মেচখনত হেটট্ৰিক অৰ্জন কৰা অধিনায়ক সুনীল চেত্ৰীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলেও মেচখনত মিজোৰামৰ খেলুৱৈ তথা ভাৰতীয় দলৰ ফৰৱাৰ্ড জেজেয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মেচখনত অধিকাংশ সময় বল নিজৰ দখলত ৰাখি নিস্বাৰ্থভাৱে প্লে মেকাৰৰ ভূমিকা পালন কৰা দেখা যায় জেজেক।

আনহাতে সোমবাৰে নিশা অনুষ্ঠিত হৈ যোৱা দ্বিতীয়খন খেলত ভাৰতৰ প্ৰতিদ্বণ্ডী আছিল আফ্ৰিকা মহাদেশৰ কেনিয়া। খেলখনত ৩-০ ৰ ব্যৱধানত জয়ী হয় ভাৰত।

মূষলধাৰ বৰষুণে অসুবিধাৰ সৃষ্টি কৰা মেচখনৰ প্ৰথমাৰ্ধত বল নিয়ন্ত্ৰণ কৰাত বিফল হৈছিল দুয়োটা দলে। আৰু এইদৰে গ’ল শূণ্যভাৱে অন্ত পৰে প্ৰথমাৰ্ধৰ খেল।

দ্বিতীয়াৰ্ধত দুয়োটা দলৰে খেলুৱৈয়ে নিজৰ নিজৰ চন্দ ঘূৰাই পোৱা দেখা গ’ল। দুয়োটা দলে দেখুৱালে নিজৰ কলাত্মক কৌশল। কিন্তু মেচখনত সফলতা আহিল ভাৰতীয় দললৈ। ভাৰতীয় দলৰ অধিনায়ক সুনীল চেত্ৰীক বিপক্ষৰ খেলুৱৈয়ে পেনাল্টী বক্সত কৰা আক্ৰমণৰ ফলস্বৰূপে ভাৰতে লাভ কৰিলে পেনাল্টী। আৰু এইদৰে ১-০ৰ অগ্ৰগতি লাভ কৰে ভাৰতে।

holicharan-narzary-india-nepal-international-friendly-2017_17jx73hnbt8u314b8nnw9pkyfy
ফাইল ফটো : হলিচৰণ নাৰ্জাৰী

সুনীল চেত্ৰীয়ে গ’ল কৰাৰ ঠিক তিনি মিনিট পাছতে ভাৰতে দ্বিতীয়টো অগ্ৰগতি লাভ কৰিলে আক্ৰমক ফৰৱাৰ্ড জেজেৰ জৰিয়তে। ভাৰতীয় দলৰ অভিজ্ঞ মিডফিল্ডাৰ তথা অসম সন্তান হলিচৰণ নাৰ্জাৰীয়ে আগবঢ়োৱা বল জেজেয়ে সুন্দৰভাৱে আয়ত্ত কৰি কলাত্মক কৌশলেৰে এক আকৰ্ষণীয় গ’ল প্ৰদান কৰে। আৰু ভাৰতে ২-০ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে এই খেলখনৰে ৯০ মিনিট পাৰ হৈ যোৱাৰ পাছত অৰ্থাৎ মেচৰ অতিৰিক্ত সময়ত অধিনায়ক চেত্ৰীয়ে আন এক গ’ল কৰি ব্যৱধান ৩-০ লৈ বৃদ্ধি কৰি এইদৰে কেনিয়াৰ বিৰুদ্ধে সহজ বিজয় সাব্যস্ত কৰে।

উল্লেখ্য যে শততম আন্তঃৰাষ্ট্ৰীয় মেচ খেলা সুনীল চেত্ৰীয়ে গঢ়িলে আন এক অভিলেখ। আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ নোলোৱা সৰ্বাধিক গ’ল প্ৰদান কৰা খেলুৱৈৰ ভিতৰত তিনি নম্বৰ স্থানত আছে ভাৰতীয় তাৰকা সুনীল চেত্ৰী। সৰ্বাধিক গ’ল দাতাৰ শাৰীত চেত্ৰীৰ ওপৰত আছে বিশ্ব ফুটবলৰ দুই আলোড়ণ সৃষ্টিকাৰী ফুটবলাৰ ক্ৰমে প্ৰথম স্থানত ৰ’নাল্ডো আৰু দ্বিতীয় স্থানত মেছী।

Recent News

‘লেতেৰা আৰু অস্বাস্থ্যকৰ’ আসন! ইণ্ডিগ’ক ১.৫ লাখ টকাৰ জৰিমনা গ্ৰাহক সুৰক্ষা আদালতৰ

‘লেতেৰা আৰু অস্বাস্থ্যকৰ’ আসন! ইণ্ডিগ’ক ১.৫ লাখ টকাৰ জৰিমনা গ্ৰাহক সুৰক্ষা আদালতৰ

‘ইউক্ৰেইন অবিহনে শান্তি বৈঠক’- ট্ৰাম্প-পুটিনৰ বৈঠকত তীব্ৰ আপত্তি ইউৰোপৰ

‘ইউক্ৰেইন অবিহনে শান্তি বৈঠক’- ট্ৰাম্প-পুটিনৰ বৈঠকত তীব্ৰ আপত্তি ইউৰোপৰ

ছিৰাজৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুঞ্জন? ক্ৰিকেটাৰগৰাকীক ৰাখী পিন্ধালে আশা ভোছলেৰ নাতিনীয়েকে

ছিৰাজৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুঞ্জন? ক্ৰিকেটাৰগৰাকীক ৰাখী পিন্ধালে আশা ভোছলেৰ নাতিনীয়েকে

শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃ ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ

শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃ ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd