লুংলেইৰ ছালেমৰ জ’ৱান লালডিনপুই নামৰ ছোৱালীজনী ন মাহ বয়সতেই নিউমোনিয়া আৰু পলিঅ’ৰ দ্বাৰা আক্ৰান্ত হৈছিল। ফলত তেওঁ কোনো দিন নিজৰ দুভৰিত ঠিয় হ’ব পৰা নাছিল। কিন্তু নিজৰ দৃঢ়তা আৰু কঠোৰ অধ্যৱসায়ৰ ফলত বিদ্যালয় আৰু মহাবিদ্যালয়লৈ হুইল চেয়াৰত যোৱা জ’ৱানে কালি ঘোষণা কৰা বিজ্ঞানৰ স্নাতক মহলাৰ পৰীক্ষাত গণিতত বিশ্ববিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিলে।
লালডিনপুই হৈছে দক্ষিণ মিজোৰামৰ লাংলেইৰ বাসিন্দাৰ এহাল শিক্ষক পিতৃ-মাতৃ লাহমাংগাইয়া আৰু পিচি লাহমাংগাইয়াৰ কন্যা। জ’ৱান লালডিনপুই হৈছে লুংলেই জিলাৰ চৰকাৰী লুংলেই মহাবিদ্যালয়ৰ ছাত্ৰী।
নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত জ’ৱান লালডিনপুয়ে কয়, ‘‘এই কৃতকাৰ্যতা মোৰ বাবে অবিশ্বাসনীয়। ঠিক সপোন দিঠক হোৱাৰ দৰে।‘’ জ’ৱানৰ মাতৃ এগৰাকী শিক্ষয়িত্ৰী। নিজৰ লৰচৰ কৰিবলৈ অপাৰগ কন্যাক বিদ্যালয়লৈ পঠিয়াবলৈ তেওঁ বহুতো কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল।
জ’ৱানৰ মাতৃ পিচি লাহমাংগাইয়ে কৈছে, ‘‘তাইৰ শাৰীৰিক অৱস্থাৰ বাবে তাইক ঘৰৰ একেবাৰে ওচৰৰ বিদ্যালয়খনলৈ প্ৰেৰণ কৰাত বাবে আমাৰ বাবে গত্যন্তৰ নাছিল। তাইক হুইল চেয়াৰতেই বিদ্যালয়লৈ পঠিয়াব লগীয়া হৈছিল। তাইক টয়লেটলৈ যোৱাত সহায় কৰি দিবলৈ মই শ্ৰেণীৰ মাজৰ সময়খিনিত তাইৰ বিদ্যালয়লৈ দৌৰ দিবলগীয়া হৈছিল। মাজে মাজে এয়া যথেষ্ট বুলি মোৰ ধাৰণা হৈছিল যদিও তাইৰ দৃঢ় সংকল্পই আমাক শক্তি যোগাইছিল।‘’
১৯৯৮ চনত জন্মগ্ৰহণ কৰা জ’ৱানে প্ৰৱেশিকা আৰু দ্বাদশ শ্ৰণীৰ পৰিক্ষা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। তাৰ পাছত তিনি বছৰ পূৰ্বে তেওঁ উচ্চ শিক্ষা লাভ কৰাৰ বাবে চৰকাৰী লাংলেই মহাবিদ্যালয়ত ভৰ্তি হৈছিল।
জ’ৱানে কয়, ‘‘বিদ্যালয়ত এটা শ্ৰেণীতেই বহি থাকিছিলোঁ। কিন্তু মহাবিদ্যালয়ত বিষয় অনুসৰি এটাৰ পৰা আনটো শ্ৰেণীলৈ গৈ থাকিবলগীয়া হৈছিল। মোক মোৰ সহপাঠী আৰু অধ্যাপকসকলে লৈ গৈছিল। এয়া তেওঁলোকৰ বাবে এটা বৰ অসুবিধাজনক কাম আছিল। মই মোৰ শিক্ষক আৰু সহপাঠীসকলক মোৰ এই কৃতকাৰ্যতাৰ বাবে ধন্যবাদ জনাওঁ, ড়ি সকলৰ সহায়তা অবিহনে মই এই কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিলোঁহেতেন।
১৯৯৪চনত যেতিয়া বিদ্যালয় শিক্ষা বিভাগৰ তদানিন্তন সংসদীয় সচিব জোছেফ লালহিমপুইয়াই জ’ৱানে পঢ়া বিদ্যালয়খনলৈ আহিছিল, তেওঁ জ’ৱানৰ মনৰ দৃঢ়তা লক্ষ্য কৰি আচৰিত হৈ গৈছিল। তেওঁ বিদ্যালয়খনত এটা হুইল চেয়াৰ ৰেম্প নিৰ্মাণ কৰোৱাইছিল।
জ’ৱানক প্ৰথম দেখাৰ স্মৃতি সোৱঁৰণ কৰি লাংলেইৰ সাংসদ,বৰ্তমানৰ মিজোৰাম যুৱ আয়োগৰ সভাপতি জোছেফ লালহিমপুইয়াই কয়,”মোক কোৱা হৈছিল যে জ’ৱানে সদায় হুইল চেয়াৰত বিদ্যালয়লৈ আহে। ৰেম্প নোহোৱা বাবে তেওঁ যথেষ্ট কষ্ট কৰিবলগীয়া হোৱা কথাটোও বিদ্যালয় কৰ্তৃপক্ষই মোৰ আগত প্ৰকাশ কৰিছিল। ছোৱালীজনীৰ মনত দৃঢ়তা আছিল, একাগ্ৰতা আছিল সেয়েহে ৰেম্প নিৰ্মাণ কৰাৰ বাবে আমি পুঁজি সংগ্ৰহ কৰিছিলোঁ। মই জ’ৱানক মোৰ হিয়াভৰা ওলোগ জনাইছোঁ।”
বৰ্তমান জ’ৱানৰ গণিতত উচ্চ শিক্ষা লাভৰ পথত এটা ডাঙৰ প্ৰত্যাহ্বান ঠিয় হৈছে। তাৰবাবে তেওঁৰ গৃহচহৰ লাংলেইৰ পৰা ২০০ কি:মি: দূৰৰ আইজলস্থিত মিজোৰাম বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব লাগিব। সেয়েহে তেওঁ প্ৰশাসনিক সেৱাৰ পৰীক্ষা দিয়াৰ বিকল্পটোকে বাছি লৈছে।
অত্যন্ত দৃঢ় বিশ্বাসী জ’ৱান লালডিনপুইয়ে কয়, ‘‘মই মোৰ মাক বিশ্ববিদ্যালয়লৈ লৈ যাব নোৱাৰোঁ। সেয়েহে মোৰ সৈতে খাপ খোৱা প্ৰশাসনিকসেৱাৰ পৰীক্ষাৰ বাবে নিজকে সাজু কৰিম। এখন স্থানীয় কোচিং চেণ্টাৰত মই নাম লগাইছোঁ আৰু মই কৃতকাৰ্য হোৱাৰ বাবে যথাসাধ্য প্ৰচেষ্টা কৰিম।”
উল্লেখ্য যে মিজোৰাম বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা বিজ্ঞানৰ স্নাতক পৰীক্ষাত (গণিত) জ’ৱান লালডিনপুইয়ে শীৰ্ষস্থান দখল কৰিছে। তেওঁ ১২০০ নম্বৰৰ ভিতৰত ১০২৫ লাভ কৰিছে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীগৰাকীয়ে মিজোৰামৰ এখন বিখ্যাত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীগৰাকীতকৈ ৭৮ নম্বৰ অধিক লাভ কৰিছে।