হোজাইত চলন্ত ৰে’লৰ পৰা জঁপিয়াই গুৰুতৰভাৱে আহত কিশোৰ

hojai youth wounded

আজি হোজাই ৰে’লৱে ষ্টেশ্যনত এজন কিশোৰে চলন্ত ৰেলগাড়ীৰ পৰা জঁপিয়াই দিয়াৰ লোমহৰ্ষক ঘটনা এটা সংঘটিত হৈছে।

ৰে’লৱে সুৰক্ষা বাহিনীৰ সূত্ৰই জনোৱা মতে হোজাইৰ দবকাৰ হাছান ৰাজাৰ পুত্ৰ বাৰহানুদ্দিন (১৮) নামৰ যুৱকজনে চলন্ত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছৰ পৰা প্ৰায় আবেলি প্ৰায় ৪.৩৪ বজাত জপিয়াই দিয়ে।

দুৰ্ঘটনাত বেয়াকৈ আহত হোৱা কিশোৰজনক সংকটজনক অৱস্থাত হোজাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তেওঁক চিকিৎসালয়খনে গুৱাহাটীৰ জিএনআৰচি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰপিএফৰ উপ পৰিদৰ্শক পাঞ্চুৰাম মীনাৰ মতে কিশোৰজনে ডিমাপুৰৰ পৰা হোজাইলৈ আহি আছিল। কিন্তু ৰেলগাড়ীখনৰ হোজাইত ষ্টপেজ নাছিল বাবে ৰেলগাড়ীখনে তেওঁৰ ষ্টেশ্যনটো পা্ৰ হৈ যোৱা দেখিবলৈ পাই চলন্ত ৰেলগাড়ীখনৰ পৰাই জাঁপ মাৰি দিয়ে।

আৰপিএফৰ উপ পৰিদৰ্শক পাঞ্চুৰাম মীনাই ৰাইজলৈ আৱেদন জনাইছে যাতে ৰেলগাড়ীত উঠাৰ পূৰ্বে তেওঁলোকে সঠিক অনুসন্ধান কৰি এনেধৰণৰ দুৰ্ঘটনা ঘটাৰ পৰা সুৰক্ষিত থাকে।