হৰ্নবিল উৎসৱৰ নৱম দিনা বিভিন্ন সাংস্কৃতিক দলৰ পৰম্পৰাগত গীত-নৃত্য পৰিৱেশন

চলিত হৰ্নবিল উৎসৱ ২০১৭ৰ শনিবাৰে অনুষ্ঠিত নৱম দিনাৰ কাৰ্যসূচীত বিভিন্ন সাংস্কৃতিক দলে পৰম্পৰাগত গীত-নৃত্যৰ লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।

‘সাংস্কৃতিকভাৱে আপোনাৰ’(Culturally Yours) বিষয়েৰে অনুষ্ঠিত দিনটোৰ কাৰ্যসূচীত মুখ্য আকৰ্ষণৰ ভিতৰত আছিল ফ’ম সাংস্কৃতিক দলৰ উংঘাং আছ’ (লোকগীত) পৰিৱেশন, কন্যাক সাংস্কৃতিক দলৰ ‘শ্যামইম পে’ (বিবাহ অনুষ্ঠান), চাং সাংস্কৃতিক দলৰ শস্য ৰোৱা গীত, আৱ’ দলৰ ‘কি ই এৰবা’ ছুমি দলৰ ‘এমিকুকুলা’ কুকি দলৰ ‘ছাউৱাই লুন’ খ্যামনিউংগান দলৰ ‘জিমথ্যাৱ’, গাৰু দলৰ ‘গ’গৰিপা বা ছাগৰিপা’ আৰু পচুৰি সাংস্কৃতিক দলৰ ‘ছাকভুদৌ’ পৰিৱেশন।

আবেলিৰ ভাগত জেলিয়াং সাংস্কৃতিক দলে ‘কেপি লিম’ পৰিৱেশন কৰাৰ লগতে লথা, আংগামী, ৰেংমা, কছাৰী আদি বিভিন্ন সাংস্কৃতিক দলে নিজা নিজা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।

অনুষ্ঠানটোত নাগালেণ্ডৰ তথ্য আৰু জনসংযোগ দপ্তৰে উৎসৱটোৰ অংশ হিচাপে শ্ব্’ আৰু বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰে।

হৰ্নবিল উৎসৱ ভাৰতৰ লগতে বিদেশতো জনপ্ৰিয় হৈ পৰা বুলি উল্লেখ কৰি উক্ত দপ্তৰৰ সংঞ্চালক ছীৱাথো নিউছ’য়ে উৎসৱটোলৈ অহা পৰ্যটকৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আহিছে বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও তেওঁ কয় যে নগাসকল তেওঁলোকৰ সুকীয়া জনগোষ্ঠীয় বৈশিষ্টৰ বাবে জনাজাত আৰু এই উৎসৱটি তেওঁলোকৰ বাবে নিজা গীত-নৃত্য, সংস্কৃতি, পৰম্পৰা আদি বাহিৰৰ পৃথিৱীৰ সন্মুখত দাঙি ধৰাৰ উৎকৃষ্ট মঞ্চ। তথ্য আৰু জনসংযোগ বিভাগে অনাগত বছৰ সমূহত উৎসৱটোক আৰু বেছি জনপ্ৰিয় কৰি তুলিবলৈ সকলো ধৰণৰ পদক্ষেপ ল’ব বুলি ছীৱাথোয়ে আশ্বাস দিয়ে।

উৎসৱটিৰ লগত সংগতি ৰাখি তথ্য আৰু জনসংযোগ বিভাগে এক চলচ্চিত্ৰ মহোৎসৱৰো আয়োজন কৰিছে, য’ত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰৰ বিভিন্ন চুটি ছবি দেখোৱা হয়। ইয়াৰ উপৰিও তেওঁলোকে অনুষ্ঠানস্থলীত হিপফেষ্ট ২০১৭ (HIPFEST) স্থাপন কৰিছে য’ত তেওঁলোকৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ, আলোচনী আদি বিক্ৰীৰ লগতে বিভিন্ন ধৰণৰ ফটোগ্ৰাফৰ প্ৰদৰ্শনী কৰা হয়।