১০,৩২৩ গৰাকী শিক্ষকৰ চাকৰি সুৰক্ষিত কৰিবলৈ অধ্যাদেশৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ত্ৰিপুৰা কেবিনেটৰ

ত্ৰিপুৰাৰ ১০,৩২৩ গৰাকী শিক্ষকৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি ৰাজ্য চৰকাৰে শিক্ষকসকলৰ চাকৰি ৰক্ষা কৰিবলৈ কোনো অধ্যাদেশ বা কাৰ্যকাল বৃদ্ধিৰ আইন আনিবলৈ অস্বীকাৰ কৰিছে।

শিক্ষকসকলৰ ভৱিষ্যৎ সম্পূৰ্ণ  অন্ধকাৰলৈ ঠেলি দি লোৱা চৰকাৰৰ এই স্থিতিয়ে  সকলো বৰ্গৰ ১০,৩২৩ গৰাকী শিক্ষকৰ চাকৰি উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি অহা ২০১৭ ৰ ৩১ ডিচেম্বৰত অন্ত পৰিব।

অৱশ্যে, অলপতে উচ্চতম ন্যায়ালয়ৰ এখন খণ্ডপীঠে দিয়া নিৰ্দেশ অনুসৰি ছয় মাহৰ বাবে তেওঁলোকক তদৰ্থ ভিত্তিত নিযুক্তি দিয়া হ’ব আৰু বৰ্তমান সময়লৈকে তেওঁলোকে পাই থকা দা-দৰমহা লাভ কৰিব।

এই ১০,৩২৩ গৰাকী অসহায় শিক্ষকৰ ভাগ্যৰ বিষয়টো মঙলবাৰে মন্ত্ৰী পৰিষদৰ বৈঠকত আলোচনাত স্থান লাভ কৰিছিল আৰু কেবিনেটে সিদ্ধান্ত লৈছিল যে এই শিক্ষকসকলৰ চাকৰি ৰক্ষা কৰিবৰ বাবে কোনো অধ্যাদেশ বা কাৰ্যকাল বৃদ্ধিৰ আইন অনা নহয়। ৰাজ্যৰ তথ্য আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী ভানু লাল সাহাই এই কথা জানিব দিছে।

‘’ ন্যায়ালয়ে ইতিমধ্যে এই ১০,৩২৩ গৰাকী শিক্ষকৰ নিযুক্তি অসাংবিধানিক বুলি নিৰ্দেশ দিয়াৰ পিছত চৰকাৰে তেওঁলোকৰ চাকৰি বচাবলৈ অধ্যাদেশ বা কাৰ্যকাল বৃদ্ধিৰ আইন আনিব নোৱাৰে। আনকি এইটো কৰিবলৈ গ’লে আদালতত অৱমাননাৰ ৰোষত পৰিব লাগিব আৰু সেইটো কাম্য নহয়,’’- তেওঁ আগৰতলাত সংবাদ মাধ্যমৰ আগত এনেদৰে কয়।

ইয়াৰ আগেয়ে ১০,৩২৩ গৰাকী শিক্ষকৰ সন্মিলিত সংস্থাই ২০১৭ ৰ ৩১ পিছত তেওঁলোকৰ চাকৰি বাহাল ৰাখিবলৈ আহ্বান জনাইছিল।

তেওঁলোকে আশা কৰিছিল যে ৰাজ্য চৰকাৰে তেওঁলোকৰ চাকৰি ৰক্ষা কৰিবলৈ আৰু ২০১৮ ৰ ৩০ জুনৰ পিছতো চাকৰি বাহাল ৰাখিবলৈ আইনী পদক্ষেপৰ লগতে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।