১৪ ডিচেম্বৰত গুৱাহাটীলৈ আহিব প্ৰসিদ্ধ গান্ধীবাদী নেতা,সামাজিক কৰ্মী আন্না হাজাৰে

অহা ১৪ ডিচেম্বৰৰত  গুৱাহাটীত আহি উপস্থিত হ’বহি প্ৰসিদ্ধ গান্ধীবাদী নেতা তথা দেশৰ বিশিষ্ট সমাজিক কৰ্মী আন্না হাজাৰে। সংসদত লোকপাল বিধেয়ক উত্থাপন কৰাৰ দাবীত গোটেই দেশজুৰি আন্দোলন গঢ়ি তোলা গান্ধীবাদী নেতাগৰাকীয়ে পূৰ্বৰ চৰকাৰে জনসাধাৰণৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰি এখন শক্তিশালী লোকপাল আইন সংসদত গ্ৰহণ নকৰাৰ বাবে নিৰাশা ব্যক্ত কৰিছিল আৰু বহুদিন ধৰি এই বিষয়ে মৌন হৈ আছিল।

আজিৰে পৰা কিছুদিন আগতে আন্না হাজাৰে ঘোষণা কৰিছিল যে এখন শক্তিশালী লোকপাল আইন অনাৰ বাবে চৰকাৰৰ ওপৰত হেচা দিবলৈ অহা ২০১৮ ৰ ২৩ মাৰ্চৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত পুনৰ আন্দোলন আৰম্ভ কৰিব। আন্নাই তেওঁৰ এই নতুন আন্দোলনৰ বাবে জনসাধাৰণৰ সমৰ্থন বিচাৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাব।

বিশিষ্ট সামাজিক কৰ্মী আন্না হাজাৰেই এনে উদ্দেশ্যেৰে অহা ১৪ ডিচেম্বৰত আহি গুৱাহাটীত উপস্থিত হ’বহি। টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ সদস্য দিব্যজ্যোতি শইকীয়াই এন ই নাওৰ আগত কয় যে অহা ১৪ ডিচেম্বৰৰ আবেলি ৩ বজাত আন্না হাজাৰে আহি গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ব। তাৰপৰা তেওঁক গুৱাহাটীৰ আৱৰ্ত ভৱনলৈ আদৰি অনা হ’ব।

গুৱাহাটীত আন্না হাজাৰেই কোনো আনুষ্ঠানিক সভা -সমিতিত অংশ নলয় যদিও সন্ধিয়াৰ ভাগত কিছু বিশিষ্ট ব্যক্তিৰে তেওঁ আৱৰ্ত ভৱনতে বাৰ্তালাপ কৰিব।

পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্য অনুসৰি আন্নাই ১৫ ডিচেম্বৰত গুৱাহাটীৰ পৰা বিমানযোগে গৈ ইটানগৰত উপস্থিত হ’ব। তাত তেওঁ এখন বিশাল ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰিব। ইয়াৰ পিছতে ইটানগৰত কিছু বিশিষ্ট ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰিব আৰু তাৰ পিছতে তেওঁ বিমানযোগে দিল্লীলৈ যাব।

আন্না হাজাৰেৰ এই ভ্ৰমণৰ সময়ত সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসম আৰক্ষীক অনুৰোধ কৰিছে আন্নাৰ অভ্যৰ্থনাৰ সৈতে জৰিত হৈ থকা আহ্বায়ক সকলে। আন্না গুৱাহাটীত থকা সময়ছোৱাত তেওঁৰ সকলোধৰণৰ অভ্যৰ্থনাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।

বিশিষ্ট সামাজিক কৰ্মী আন্না হাজাৰেই তেওঁৰ দুৰ্নীতি বিৰোধী অভিযানৰ জৰিয়তে গোটেই দেশতে আলোড়নৰ সৃষ্টি কৰিছিল। তেওঁৰ এই দুৰ্নীতি বিৰোধী অভিযানৰ অন্যতম সংগী হিচাপে থকা অৰবিন্দ কেজৰীৱালে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু পিছলৈ ৰাজনীতিত যোগদান কৰি দিল্লীৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়।

নিজৰ কোনো ৰাজনৈতিক আকাঙ্খা নথকা সামাজিক কৰ্মী আন্না হাজাৰেই অলপতে অভিযোগ কৰিছিল যে নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ বিজেপি চৰকাৰখনে লোকপাল আইনত সংশোধনী আনি দুৰ্নীতিৰ বিৰোধী অভিযানক দুৰ্বল কৰিব বিচাৰিছে।

আন্নাই লগতে কৈছিল যে কংগ্ৰেছ আৰু বিজেপি দুয়োটাই ঔদ্যোগীসকলৰ প্ৰতি নৰম আৰু কৃষকৰ সমস্যাৰ প্ৰতি কেতিয়াও চিন্তা নকৰে। আন্নাই শস্যৰ দৰ বৃদ্ধি কৰা আৰু এখন শক্তিশালী লোকপাল আইন প্ৰণয়ন কৰাৰ বাবে চৰকাৰক হেচা দিব।