১৫-১৯ ফেব্ৰুৱাৰিলৈ তৰালাংচত অনুষ্ঠিত হ’ব কাৰ্বি যুৱ মহোৎসৱ

karbi.jpg

কাৰ্বি যুৱ মহোৎসৱৰ প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

কাৰ্বি লোকসংস্কৃতি সমগ্ৰ বিশ্ববাসীৰ আগত তুলি ধৰাৰ উদ্দেশ্যে অইনবেলিৰ দৰে এইবাৰো ডিফুৰ তৰালাংচত ১৫ৰ পৰা ১৯ ফেব্ৰুৱাৰিলৈ অনুষ্ঠিত হ’ব কাৰ্বি যুৱ মহোৎসৱ।

ডিফুস্থিত কাৰ্বি কালচাৰেল ছ’চাইটিৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱখনি সফলভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে ইতিমধ্যে চন্দ্ৰসিং ক্ৰ’ক সভাপতি আৰু বিদ্যাসিং ৰংপিক সাধাৰণ সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছে।

তদুপৰি মহোৎসৱখন সুচাৰু ৰূপে সম্পন্ন কৰাৰ বাবে গঠন কৰা হৈছে আন কেইবাখনো উপ-সমিতি।

সম্প্ৰতি এই মহোৎসৱখনৰ বাবে যুদ্ধকালীন ক্ষিপ্ৰতাৰে যাৱতীয় কাম কাজ চলিছে তৰালাংত। ভিন্ন প্রান্তৰ অতিথি সকলে যাতে মহোৎসৱৰ সময়ছোৱাত কোনো অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। বিশেষকৈ মহোৎসৱস্থলীলৈ অহা পৰ্যটক তথা সাধাৰণ লোকসকলে যাতে যান জঁটৰ সমস্যা নাপায় তাৰ বাবেও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য যে এইবাৰৰ মহোৎসৱত প্ৰায় ১ নিযুত লোকে অংশগ্রহণ কৰিব বুলি আশা কৰিছে আয়োজকসকলে।

কাৰ্বি লোকসংস্কৃতিৰ আদান প্ৰদানৰ অন্যতম মঞ্চ হিচাপে পৰিচিত মহোৎসৱখনিত ৰাজ্যখনৰ অন্য বহু জনগোষ্ঠীয়েও অংশ্ৰগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ১৯৭৪ চনত কেইজনমান উদ্যমী কাৰ্বি যুৱকৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে মহোৎসৱখন অনুষ্ঠিত হৈছিল। তাৰ পাছত ১৯৭৭ চনৰ ৩০ জানুৱাৰীত কাৰ্বি কালচাৰেল ছ’চাইটীৰ গঠৰ জৰিয়তে মহোৎসৱখনে এক অনন্য মাত্ৰা লাভ কৰিবলৈ সক্ষম হয়।