১ এপ্ৰিলৰ পৰা ১০ টকাকৈ বৃদ্ধি পাব বিদ্যুতৰ ফিক্সড চাৰ্জ

electricit

অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে প্ৰতি ইউনিট বিদ্যুতৰ মাচুলৰ ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধি কৰি এনাৰ্জি চাৰ্জ ১৪ পইচাকৈ হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে যোৱা সোমবাৰে বিদ্যুৎ নিয়ামক আয়োগে এপিডিচিএলক দিয়া নিৰ্দেশনা অনুসৰি বিদ্যুতৰ এনাৰ্জি চাৰ্জ হ্ৰাস কৰাৰ বিপৰীতে ফিক্সড চাৰ্জ প্ৰতি কিলোৱাটত ১০ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে।

স্বাভাৱিকতে ইয়াৰ ফলত সামগ্ৰিকভাৱে  উপভোক্তাই বৰ্তমান আদায় দি থকা বিদ্যুৎ মাচুলৰ পৰিৱৰ্তে প্ৰায় ২ শতাংশ মাচুল হ্ৰাস পাব।

সোমবাৰে বিদ্যুৎ নিয়ামক আয়োগে আছাম পাৱাৰ জেনেৰেচন কোম্পানী লিমিটেড আৰু আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডক ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে নতুন বিদ্যুৎ শক্তিৰ মাচুল নিৰ্ধাৰণ কৰি দিয়ে।

সেই অনুসৰি ফিক্সড চাৰ্জ বৃদ্ধি আৰু এনাৰ্জি চাৰ্জ হ্ৰাসৰ এই নতুন নিৰ্দেশনা অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছে। আয়োগে দিয়া নিৰ্দেশনা অনুসৰি সম্প্ৰতি ০ৰ পৰা ১২০ ইউনিট পৰ্যন্ত বিদ্যুৎ ব্যয় কৰা গ্ৰাহকে প্ৰতি মাহত ৩০ টকা ফিক্সড চাৰ্জ আৰু ৫৬৫ টকা এনাৰ্জি চাৰ্জ আদায় দিব লাগে। কিন্তু নিয়ামক আয়োগে ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধি ঘটাই বৰ্তমানৰ তুলনাত ৪০ টকা ধাৰ্য কৰিছে আৰু এনাৰ্জি চাৰ্জ ২০ টকা হ্ৰাস কৰি ১২০ ইউনিট বিদ্যুতৰ মাচুল ৫৪৫ টকালৈ হ্ৰাস কৰিছে।

অৱশ্যে ফিক্সড চাৰ্জ জীৱনধাৰা আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ লোৱা ০.৫ কিলোৱাটৰ পৰা ১ কিলোৱাট পৰ্যন্ত ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত ফিক্সড চাৰ্জ পূৰ্বৰ ৫ টকাৰ পৰিৱৰ্তে ২০ টকালৈ বৃদ্ধি কৰা হৈছে। এনাৰ্জি চাৰ্জ সামান্য হ্ৰাস কৰাৰ ফলত পূৰ্বৰ ৪৭০ টকা মাচুলৰ পৰিৱৰ্তে নতুন নিৰিখ হ’ব ৪৬০ টকা।

উল্লেখ্য যে নিয়ামক আয়োগে সামগ্ৰিকভাৱে সকলো সংযোগৰ ক্ষেত্ৰতে ফিক্সড চাৰ্জৰ নিৰিখ ১০ টকাকৈ বৃদ্ধি কৰাৰ বিপৰীতে পাব্লিক লাইটিঙৰ ক্ষেত্ৰত এই কৰ বৃদ্ধি কৰা নাই।

উল্লেখ্য যে  নিয়ামক আয়োগে সোমবাৰে দিয়া পৰামৰ্শাৱলী উদ্যোগক্ষেত্ৰসমূহক নিশাৰ ভাগত উদ্যোগৰ উৎপাদন চলোৱাৰ বাবে অনুপ্ৰাণিত কৰিবলৈ নাইট অফ-পিক ৰিবেট বৰ্তমানৰ ০.৫০ টকাৰ পৰা প্ৰতি কিলোৱাট ৱাৰ্ছত ১.৫০ টকালৈ বৃদ্ধি কৰিছে।