২০১৮-১৯ বৰ্ষৰ মণিপুৰৰ বাজেটক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া ৰাজ্যৰ অৰ্থনৈতিক বিশ্লেষকসকলৰ

Joykumar-Manipur state finance minister

সোমবাৰে মণিপুৰৰ উপ মুখ্য মন্ত্ৰী ৱাই জয়কুমাৰে দাখিল কৰা ২০১৮-১৯ বৰ্ষৰ বিত্তীয় বাজেটখনক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া কৰা দেখা গৈছে ৰাজ্যখনৰ অৰ্থনৈতিক বিশ্লেষকসকলে। অধিকাংশ বিশ্লেষকে বাজেটখনক ৰাজ্যৰ সকলো স্তৰৰ লোকৰ বাবে তথা ৰাজ্যৰ অৰ্থনীতিত বিশেষভাবে সহায় কৰিব কৰিব বুলি মন্তব্য কৰে।

উল্লেখ্য যে মণিপুৰ চৰকাৰে অহা বিত্তীয় বৰ্ষটোত ৰাজ্যখনৰ বাবে মুঠ ১৩,৭৩৩.৬২ কোটি টকা ধাৰ্য কৰিছে।

‘আমি জানো যে যোৱা এটা দশকৰ পৰা মণিপুৰত বেয়াকৈ সম্পদৰ নাটনি হৈ আছে’ এই কথা কয় মণিপুৰ বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ দা ষ্টাডি অৱ ছ’চিয়েল এক্সক্লুজন এণ্ড ইনক্লুছিভ পলিচি(CSSEIP)ৰ ড০ থিয়াম ভৰত সিঙে।

তেওঁ লগতে কয়, ‘চৰকাৰৰ এই বাজেটখনত বিশেষকৈ শিক্ষা, স্বাস্থ্য, দক্ষতা বিকাশ আৰু পৰ্যটন ক্ষেত্ৰখনত অধিক টকা ধাৰ্য কৰা দেখা গৈছে’। সেয়া যি নহওক এইখন কিন্তু উন্নতমানৰ বাজেট, বুলিও সিঙে অভিহিত কৰে।

আনহাতে মণিপুৰ বিশ্ববিদ্যালয়ৰ অৰ্থনাতি বিভাগৰ প্ৰফেচৰ দামুদৰ নেপৰামে বাজেট সন্দৰ্ভত তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে বাজেটখন অধিক মিতব্যয়ী হৈছে। তেওঁ আৰু কয়, ‘এই বাজেটখনে সৰ্বসাধাৰণ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰে’।

‘ৰাজ্যখনত সপ্তম দৰমহা আয়োগ প্ৰয়োগ কৰা সন্দৰ্ভত এই বাজেটখনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল। মণিপুৰত যে সম্পদৰ নাটনি হৈছে এই বাজেটত সেই কথা প্ৰতিফলিত হয়’।

এইখিনিতে উল্লেখ কৰিব পাৰি যে মণিপুৰৰ ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন সংস্থাই বিগত কেইবাদিন ধৰি ৰাজ্যখনত সপ্তম দৰমহা আয়োগ প্ৰয়োগ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে। কিন্তু কাৰ্যত এতিয়ালৈ সেই দাবী চৰকাৰে মানি লোৱা নাই।

এই সন্দৰ্ভত বিত্ত মন্ত্ৰী জয়কুমাৰে স্পষ্ট কৰি দিয়ে যে সপ্তম দৰমহা আয়োগ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখনে আলোচনা কৰি আছে তথা ইয়াৰ বাবে বিত্তীয় কাম-কাজ চলি আছে।

ৰাজ্যখনত ৯৮,০০০ ৰাজ্যিক কৰ্মচাৰী আছে আৰু তেওঁলোকক সপ্তম দৰমহা আয়োগৰ মতে দৰমহা দিবলৈ হ’লে ৰাজ্য চৰকাৰক প্ৰতি বছৰে ১,৪০০ কোটি টকাৰ প্ৰয়োজন বুলি বিত্ত মন্ত্ৰী জয়কুমাৰে জানিবলৈ দিয়ে।