২৫ লাখ টকা মূল্যৰ গাঞ্জাসহ ৪জনক গ্ৰেপ্তাৰ ত্ৰিপুৰাত

Tripura police seized marijuana worth Rs 25 lakh

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি পূব আগৰতলা আৰক্ষীয়ে ৯০০ কেজি গাঞ্জা জব্দ কৰিছে। আৰক্ষীয়ে গাঞ্জাসহ ৪জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে গাঞ্জাখিনি পৰিবহণ কৰা গাড়ীখনো জব্দ কৰা হৈছে। লোক চাৰিজনক আৰক্ষীয়ে জেৰা কৰি মূল ব্যক্তিজনৰ সন্ধানত আছে।কৰিছে।

মহকুমা আৰক্ষী বিষয়া সুমন মজুমদাৰে সদৰি কৰিছে যে দুমাহ পূৰ্বে ৰাজ্য চৰকাৰে আৰম্ভ কৰা নিচাযুক্ত দ্ৰব্য বিৰোধী বিশেষ অভিযানৰ অন্তৰ্গত এই গাঞ্জাখিনি জব্দ কৰা হৈছে।

জব্দ কৰা এই গাঞ্জাখিনিৰ মূল্য প্ৰায় ২৫ লাখ টকা।

আৰক্ষীয়ে ইতিমধ্যে ধৃত লোককেইজনৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ নিচাযুক্ত ঔষধ আৰু মনঃপ্ৰভাৱী পদাৰ্থ আইন,১৯৯৫ ( Narcotic Drugs and Psychotropic Substances Act, 1995) ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

ত্ৰিপুৰাৰ নৱনিৰ্বাচিত চৰকাৰখনে ৰাজ্যখনক নিচাযুক্ত ঔষধৰ পৰা মুক্ত কৰাৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে। তাৰোপৰি, সময়ে সময়ে বিভিন্ন পৰ্যায়ত বাংলাদেশে উত্থাপন কৰা ঔষধৰ চোৰাং কাৰবাৰৰ ওপৰতো চৰকাৰখনে গভীৰভাৱে চিন্তা কৰি আছে।

উল্লেখ্য যে বিগত দুমাহত ৰাজ্যিক আৰক্ষী আৰু সীমা সুৰক্ষা বাহিনীয়ে বাংলাদেশলৈ চোৰাং কাৰবাৰ কৰা আৰু নিচাযুক্ত ঔষধ পৰিবহণ ৰোধ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। সীমা সুৰক্ষা বাহিনী আৰু ৰাজ্য প্ৰশাসনে যুটীয়াভাৱে অভিযান চলাই শুকান গাঞ্জাৰ উপৰিও বিশাল পৰিমাণৰ য়ুবা টেবলেট ব্ৰাউন ছুগাৰ জব্দ কৰাৰ উপৰিও সীমান্তৱৰ্তী এলেকাত থকা  গাঞ্জাৰ খেতি নষ্ট কৰিছে।

প্ৰণিধানযোগ্য যে ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আৰু অসমৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ১,৮৮০ কি: মি: বিয়পা সীমান্ত আছে। এই সীমান্ত এলেকাৰ কিয়দাংশ ডাঠ হাবিৰে আগুৰা আৰু উন্মুক্ত। এই গভীৰ হাবিৰে আগুৰা কাঁটা-তাঁৰৰ বেৰবিহীন মুকলি অংশখিনি চোৰাং কাৰবাৰীৰ বাবে অত্যন্ত সুবিধাজনক।