• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৬ এপ্রিলৰ পৰা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ দুদিনীয়া কাৰ্যনিৰ্বাহক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2018 1:51 pm
Cover
200
VIEWS
Share on FacebookShare on Twitter

অহা ২৬ আৰু ২৭ এপ্ৰিলত আগৰতলাত এন এফ  ৰে’লৱে মজদুৰ ইউনিয়নৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব। লামডিং ডিভিজনৰ অন্তৰ্গত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ আগৰতলা শাখাৰ দ্বাৰা আয়োজিত কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

উল্লেখযোগ্য যে এন এফ  ৰে’লৱেৰ পাঁচটা ডিভিজন ক্ৰমে তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ, কাটিহাৰৰ উপৰি বঙাইগাঁও আৰু ডিব্ৰুগড় ৱৰ্ক শ্ব’পকে ধৰি মুঠ ৫২টা শাখাৰ পৰা দুই শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

এইবাৰ কাৰ্যনিৰ্বাহক সভাত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰি অহা শ্ৰমিকবিৰোধী নীতিকে ধৰি সপ্তম দৰমহা আয়োগৰ ফিটমেন ফৰ্মূলা সংশোধন কৰি ১৮ হাজাৰৰ পৰা ২৬ হাজাৰ টকা ন্যূনতম দৰমহা কাৰ্যকৰী কৰা, নতুন পেঞ্চন নীতি অতি সোনকালে বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰা, ভাৰতীয় ৰে’লৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া বন্ধ কৰা, এশ শতাংশ প্ৰত্যক্ষ বিদেশী পুঁজি বিনিযোগ নীতি বাতিল কৰা আদি দাবীক লৈ ধাৰাবাহিকভাৱে আন্দোলন কৰি থকাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদলৈ কৰ্ণপাত নকৰাত কাৰ্যনিৰ্বাহক যথেষ্ট উত্তপ্ত হ’ব বুলি ধাৰণা কৰা হৈছে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এইবাৰ কাৰ্যনিৰ্বাহক সভাত অল ইণ্ডিয়া ৰে’লৱে মেনছ ফেডাৰেশ্যনৰ সভাপতি ৰাখাল দাশগুপ্তা আৰু সাধাৰণ সম্পাদক শিৱগোপাল  মিশ্ৰও উপস্থিত থাকিব। কাৰ্যসূচী অনুসৰি ২৬ এপ্ৰিলৰ পুৱা পতাকা উত্তোলন, শোভাযাত্ৰা, কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী অনুষ্ঠান, মহিলা সমিতিৰ সভা, যুৱ সমিতিৰ সভা আৰু বিয়লি মুকলি সভা অনুষ্ঠিত হ’ব।

মুকলি সভাত অল ইণ্ডিয়া ৰে’লৱে মেনছ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক শিৱগোপাল  মিশ্ৰই নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে চলিত বৰ্ষতে নিউ  জলপাইগুৰিত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ হীৰক জয়ন্তী বৰ্ষ উদ্‌যাপন কৰিবলৈও কাৰ্যসূচী যুগুত কৰিব বুলি মজদুৰ ইউনিয়নৰ প্ৰচাৰ সচিব পুলক গগৈয়ে এটা বিজ্ঞপ্তিত প্ৰকাশ কৰিছে। কাৰ্যনিৰ্বাহক সভা সফল কৰি তুলিবলৈ আজিৰে পৰা তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ, কাটিহাৰ, বঙাইগাঁও আৰু ডিব্ৰুগড় ৱৰ্কশ্বপৰ প্ৰতিনিধিসকলে আগৰতলালৈ বুলি ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।

Recent News

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd