২৭ জুনত মুখমন্ত্রীৰ গৃহ জিলা ডিব্ৰুগড়ত অগপৰ ‘শংখনাদ’

ডিব্ৰুগড়

অগপৰ শংখনাদ কাৰ্যসূচী : ফাইল ফটো

কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব নিঃশেষ কৰাৰ বাবে অসমত লাখ লাখ হিন্দু বাংলাদেশী লোকক ভাৰতীয় নাগৰিকত্ব দিবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যৰ মিত্ৰ জোঁট চৰকাৰৰ অন্যতম অংশীদাৰ অগপয়ো সজোৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

বিদেশী বহিস্কাৰৰ বাবে ৬ বছৰীয়া আন্দোলনৰ পৰিণতিত স্বাক্ষৰিত অসম চুক্তিক উলংঘা কৰি ৮৫৫ জন শ্বহীদৰ ত্যাগক নস্যাৎ কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰুদ্ধে অগপই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

শেহতীয়াকৈঅসম গণ পৰিষদ দলে নাগৰিক্তব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাৱ্যস্ত কৰাৰ বাবে গ্ৰহণ কৰা শংখনাদ কাৰ্যসূচী ইতমধ্যে  কামৰূপৰ ছয়াগাঁও, বঙাইগাঁৱত ৰূপায়ন কৰা হৈছে। দলটোৱে এইবাৰ মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ত শংখনাদ কাৰ্যসূচী ৰূপায়নৰ বাবে প্ৰস্তুতি চলাইছে।

অহা ২৭ জুনত ডিব্ৰুগড় জিলাত অগপই ভাতৃ-ভগ্নী সংগঠন অসম মহিলা পৰিষদ, অসম যুৱ পৰিষদ, অসম কৃষক পৰিষদ, চাহকোষ, ধৰ্মীয় সংখ্যালঘু পৰিষদ, জনজাতি পৰিষদ, সাংস্কৃতিক পৰিষদ আদিৰ সহযোগত পুৱা ১০ বাজি ৩০ মিনিটৰ পৰা ডিব্ৰুগড় পুৰণি হাইস্কুল খেলপথাৰৰ পৰা চৌকিডিঙ্গী খেলপথাৰলৈ এক বিৰাট প্ৰতিবাদী সমদলেৰে ‘শংখনাদ’ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।

উক্ত কাৰ্যসূচীত অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন সভাপতি তথা তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, অগপৰ জ্যেষ্ঠ নেতা তথা খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, বিপ্লৱী কণ্ঠশিল্পী বিপিন চাউদাঙৰ উপৰি শিল্পী, সাহিত্যিক, শিক্ষাবিদ, আইনজীৱি, ছাত্ৰ, শিক্ষক, খেলুৱৈ, কৃষক, শ্ৰমিক, কৰ্মচাৰীকে ধৰি সকলো শ্ৰেণীৰ লোক উপস্থিত থাকিব৷

অগপৰ কেন্দ্ৰীয় মুখপাত্র তথা ডিব্ৰুগড় জিলা অগপৰ সভাপতি পোনাকণ বৰুৱা তথা সম্পাদক পুতুল সোণোৱাল আৰু সঞ্জীৱ বৰুৱাই উক্ত শংখনাদ কাৰ্যসূচীত সকলোকে উপস্থিত থাকি সফল কৰি তুলিবলৈ আহ্বান জনাইছে।