৩০ আৰু ৩১ জানুৱাৰিত শিৱসাগৰৰ ডিমৌত মে-ডাম-মেফি আয়োজন

বিগত কেইবছৰৰ দৰে এইবাৰো ডিমৌ তাই-আহোম ছাত্ৰ সন্থাৰ উদ‍্যোগত আৰু ডিমৌবাসী ৰাইজৰ সহযোগত অহা ৩০ আৰু ৩১ জানুৱাৰিত দুদিনীয়া কাৰ্য্যসূচীৰে মে-ডাম-মেফি  উদযাপন কৰিবলৈ লোৱা হৈছে।

৩০ জানুৱাৰি মংগলবাৰে বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ ফুৰালুং অনুষ্ঠিত হ’ব আৰু বিয়লি ৫ বজাৰ পৰা আহোম সাজপাৰ প্ৰতিযোগিতা আৰম্ভ হ’ব। সাজপাৰ প্ৰতিযোগিতা প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ ‘ক’ শাখা আৰু অষ্টম শ্ৰেণীৰ পৰা উচ্চ শাখালৈ ‘খ’ শাখা এই দুটা শাখাত অনুষ্ঠিত হ’ব।

৩১ জানুৱাৰি বুধবাৰে পুৱা ৯ বজাত মৈদাম তৰ্পন আৰু ১০ বজাৰ পৰা ডাম-ফি পূজা আৰম্ভ কৰা হ’ব। ১০.৩০ বজাত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা আৰম্ভ কৰা হ’ৱ। চিত্ৰাংকন প্ৰতিযোগিতা প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ আৰু অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ এই দুই শাখাত অনুষ্ঠিত কৰা হ’ব। চিত্ৰাংকন প্ৰতিযোগিতাৰ বাবে বিষয় নিৰ্দ্ধাৰণ কৰা হৈছে ‘ক’ শাখাৰ বাবে ‘আহোম যুগৰ যিকোনো এবিধ যুদ্ধৰ সঁজুলি’ আৰু ‘খ’ শাখাৰ বাবে ‘আহোমৰ যিকোনো কীৰ্তিচিহ্ন’। আনহাতে ৰচনা প্ৰতিযোগিতাৰ বিষয় হিচাপে নিৰ্দ্ধাৰণ কৰা হৈছে ‘মে-ডাম-মেফি আৰু আহোম সমাজ’।

ইয়াৰ পাছতে বিয়লি ২ বজাত সকলোৱে একেলগে প্ৰীতি ভোজত অংশগ্ৰহণ কৰিব।

শ্ৰেষ্ঠ প্ৰতিযোগীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সভাপতি ভূষণ মোহন গগৈ আৰু যুটীয়া সম্পাদক অভিজিত লাহন আৰু নিপন বৰুৱাই।