৩ ফেব্ৰুৱাৰিত গুৱাহাটীৰ সৰুসজাইত বিশাল মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰিব কাগজ কলৰ শ্ৰমিক-কৰ্মচাৰীসকলে

Nagaon paper mill

বৰ্তমান অসম চৰকাৰ ব্যস্ত গুৱাহাটীখন সজাই পৰাই তোলাত। কিয়নো বিশ্বৰ আগশাৰীৰ বিনিয়োগকাৰী তথা উদ্যোগ-বণিক গোষ্ঠীয়ে ভাগ ল’বলগীয়া ‘এড্‌ভাণ্টেজ আছাম’ শীৰ্ষক অনুষ্ঠানৰ মাজেৰে তেওঁলোকক অসমত বিনিযোগ কৰিবলৈ আহ্বান জনাব। সেয়েহে বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰিবৰ বাবে মহানগৰখনক সজাই পৰাই তোলাত ব্যস্ত ৰাজ্য চৰকাৰ।

ৰাজ্য চৰকাৰে বিনিয়োগকাৰী সকলক আদৰাৰ প্ৰস্তুতি চলাই থকা সময়তে, বৰ্তমান অসমত চৰম দুৰ্গতিৰ সন্মুখীন হৈছে ‘হিন্দুস্থান পেপাৰ কৰ্প’ৰেচন লিমিটেড’ৰ অধীনত থকা ‘নগাঁও কাগজ কল’ আৰু কাছাৰ কাগজ কল’ৰ দৰে দুটাকৈ গুৰুত্বপূৰ্ণ উদ্যোগ। এই উদ্যোগ দুটাৰ লগত জড়িত শ্ৰমিকসকলে বহু বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

যাৰ কাৰণে এই গুৰুত্বপূৰ্ণ উদ্যোগৰ সহস্ৰাধিক শ্ৰমিক-কৰ্মচাৰীয়ে উদ্যোগ দুটা বচাবলৈ আত্মহত্যা কৰিবৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰত অনুমতি বিচাৰিছে। ‘যিহেতু জীয়াই থাকিবলৈ নিদিয়ে গতিকে আত্মহত্যাৰ অনুমতি দিয়ক’ বুলি শ্ৰমিকসকলে ৰাষ্ট্ৰপতিলৈ অচিৰেই পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।

আনহাতে শ্ৰমিক-কৰ্মচাৰীৰ দুখ-দুৰ্দশা-সমস্যাৰ দৃষ্টিগোচৰ হ’ব পৰাকৈ এইবাৰ গ্ৰহণ কৰিছে এক প্ৰতিবাদী কাৰ্যসূচী। যিসময়ত ‘এড্‌ভাণ্টেজ আছাম’ৰ কাৰ্যসূচী চলি থাকিব সেই সময়তে শ্ৰমিকসকল আৰু লেখক-বুদ্ধিজীৱীকে ধৰি ভালেমান বিশিষ্ট লোকে গুৱাহাটীৰ সৰুসজাইত এক বিশাল মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰিব।

ইতিমধ্যে উক্ত প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত সংশ্লিষ্ট কামৰূপ(মহানগৰ) আৰু মৰিগাঁও জিলাৰ উপায়ুক্তক লিখিতভাৱে অৱগত কৰোৱা হৈছে। এই বিষয়ে প্ৰকাশ কৰে ‘কাছাৰ পেপাৰ প্ৰজেক্ট ৱাৰ্কাৰ্ছ ইউনিয়নৰ’ সভাপতি মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে।

উল্লেথযোগ্য যে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত তেওঁ কয় যে ২০১৬ চনৰ ডিচেম্বৰৰ পৰা নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু ২০১৭ চনৰ ১৩ মাৰ্চৰ পৰা উৎপাদন কাৰ্য বন্ধ হৈ পৰে।

ইফালে কাছাৰ কাগজ কলৰো উৎপাদন কাৰ্য ২০১৫ বৰ্ষৰ ২০ অক্টোবৰৰ পৰা আৰু ২০১৬ চনৰ অক্টোবৰৰ পৰা কৰ্মচাৰীৰ দৰমহা বন্ধ হৈ আছে।

কাগজ কলদুটা বন্ধ হৈ পৰাৰ পিছত বহুবাৰ উদ্যোগদুটা উদ্ধাৰৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পিছতো কোনো ইতিবাচক সঁহাৰি লাভ কৰা নাই।

আনহাতে ২০১৬ চনৰ ১৭ মাৰ্চতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুয়োটা উদ্যোগ পুনৰুজ্জীৱিত কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল কিন্তু সেই আশ্বাস আজিও কাৰ্যকৰী নোহোৱাত চক্ৰৱৰ্তীয়ে সংবাদমেল যোগে ক্ষোভ প্ৰকাশ কৰে।

উল্লেখিত দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰি তুলিবলৈ এতিয়া প্ৰায় ১৭ কোটি টকাৰ আৱশ্যক। ‘গুজৰাটকৈ ধৰি অন্য কেইবাখনো ৰাজ্যত ঔদ্যোগিক বিকাশৰ বাবে পৰ্যাপ্ত সহায়-সাহায্য আগবঢ়াব পাৰে যেতিয়া অসমৰ উক্ত অত্যন্ত গুৰুত্বপূৰ্ণ উদ্যোগ দুটাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ অকণো দৰদ নাই কিয়’ বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

তেওঁ শীঘ্ৰে উক্ত দুয়োটা উদ্যোগক পুনৰুজ্জীৱিত কৰি উৎপাদনক্ষম কৰাৰ লগতে শ্ৰমিক কৰ্মচাৰীৰ দা-দৰমহা মুকলি কৰি দিবলৈও সংবাদমেলযোগে চৰকাৰৰ ওচৰত দাবী জনায়।

সংবাদমেলত নগাঁও কাগজ কল কৰ্মী সন্থাৰ সভাপতি ধীৰেন চন্দ্ৰ বৰা, সাধাৰণ সম্পাদক আনন্দ বৰদলৈকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল।