৪ জানুৱাৰীৰ পৰা হাৰিয়ানাৰ ৰহটকত অনুষ্ঠিত হ’ব লগীয়া ৪ৰ্থ সংখ্যক ‘ষ্টুডেণ্টচ অলিম্পিক নেচনেল গেমছ’ৰ ১৭ বছৰ আৰু ২২ বছৰ অনুৰ্দ্ধৰ ফুটবল প্ৰতিযোগিতাত ওদালগুৰি জিলাৰ দুটা দলে অংশ গ্ৰহণৰ সুযোগ পাইছে। ষ্টুডেণ্টচ অলিম্পিক এছ’চিয়েচন অব ইণ্ডিয়াৰ উদ্যোগত আৰু হাৰিয়না ষ্টুডেণ্টচ অলিম্পিক এছ’চিয়েচনৰ সহযোগত ৰহটকৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত হ’ব লগীয়া উক্ত প্ৰতিযোগিতাখন অহা বছৰৰ ৪জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ চলিব। উল্লেখযোগ্য যে চাৰি দিনীয়াকৈ চলিব লগীয়া উক্ত প্ৰতিযোগিতাখনত দুয়োটা দলে খেলখনত প্ৰতিনিধিত্ব কৰিব। ১৭ বছৰৰ অনুৰ্দ্ধৰ ফুটবল দলটোৰ খেলুৱৈ সকল হৈছে ভোমছা বড়ো, উত্তম বড়ো, ফিলাউ বড়ো, আশিক বড়ো, নেপলিয়ন দৈমাৰী, বিকী বাগলাৰী, প্ৰবাল খাখলাৰী, জুলিয়াচ বাগলাৰী, মাইকেল দৈমাৰী, ছনছৰং বাগলাৰী, ৰিলিউচ বসুমতাৰী, অভিজিৎ বসুমতাৰী, প্ৰমোদ দৈমাৰী, বিকাশ বড়ো, বিকাশ দৈমাৰী আৰু আৰ্নলদ মুচাহাৰী আনহাতে ২২ বছৰ অনুৰ্দ্ধৰ দলটোৰ বাবে নিৰ্বাচিত হোৱা খেলুৱৈ সকল হৈছে আকাশ দৈমাৰী, মিথিংগা বসুমতাৰী, ৰানচাই বসুমতাৰী, বনিফেচ বসুমতাৰী, ৰাজা বসুমতাৰী, ব্ৰনো খাখলাৰী, প্ৰাঞ্জল মুছাহাৰী, বাবিল দৈমাৰী, জেকচন বৰা, অজিত দৈমাৰী আৰু মৃগাংক বৰুৱা। ধনেশ্বৰ বসুমতাৰী দুয়োটা দলৰে প্ৰশিক্ষক হোৱাৰ লগতে আচিফ মুছাহাৰী হৈছে দল দুটাৰ মেনেজাৰ। ইয়াৰ উপৰি প্ৰতিযোগিতাখনৰ এথলেটিকচ বিভাগত হ’ব লগা ১০০ আৰু ২০০ মিটাৰৰ দৌৰত উইনিং দৈমাৰীয়ে অসমৰ পৰা একমাত্ৰ প্ৰতিযোগী হিচাপে ভাগ ল’ব। প্ৰাপ্ত তথ্য অনুসৰি ৪ৰ্থ সংখ্যক ‘ষ্টুডেণ্টচ অলিম্পিক নেচনেল গেমছ’ ল’ৰা-ছোৱালী উভয় শাখাতে এথলেটিকচ, আৰ্চাৰী, ফুটবল, স্কেটিং আৰু ভলীবল আদি পাঁচটা বিভাগত অনুষ্ঠিত হ’ব।
৪ৰ্থ সংখ্যক ‘ষ্টুডেণ্টচ অলিম্পিক নেচনেল গেমছ’ত ওদালগুৰি দলে অসমক প্ৰতিনিধিত্ব কৰিব
-
By NE NOW NEWS
Related Content
অসমত B. Pharm বা D. Pharm পাঠ্যক্ৰমত অধ্যয়নৰ বাবে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক!
By
ছাজিদ খান
May 12, 2024 3:40 pm
কংগ্ৰেছ সভাপতি খাৰ্গেৰ হেলিকপ্টাৰত তালাচী; গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ তুলি সৰৱ কংগ্ৰেছ!
By
ছাজিদ খান
May 12, 2024 1:22 pm
নাছাই প্ৰকাশ কৰিলে একেৰাহে দুটাকৈ সৌৰ বিস্ফোৰণৰ ছবি; সৌৰ ধুমুহাৰ আশংকা বৃদ্ধি
By
ছাজিদ খান
May 12, 2024 12:18 pm
ঋষভ পন্তক নিৰ্বাসনত পঠিয়ালে বিচিচিআইয়ে! দিল্লী কেপিটেলছৰ নতুন নেতাৰ সন্মুখত প্ৰত্যাহ্বান
By
ছাজিদ খান
May 12, 2024 10:28 am
মোডীক মুখামুখি বিতৰ্কলৈ নিমন্ত্ৰণ জনাই ৰাহুল ক’লে, `মই সাজু, মোডীজী মান্তি নহ’ব’
By
ছাজিদ খান
May 12, 2024 9:16 am
IPL 2024: বৰ্ষাবিঘ্নিত মেচত ইডেনত সেমেকিল মুম্বাই; প্লে অফ নিশ্চিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে
By
ছাজিদ খান
May 12, 2024 8:09 am