৫ ফেব্ৰুৱাৰিত সংঘটিত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ বিদ্ৰোহী সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্টৰ  

Representative Picture

যোৱা ৫ ফেব্ৰুৱাৰি সোমবাৰে সন্ধিয়া মণিপুৰৰ ইম্ফলত সংঘটিত এটি গ্ৰেণেড বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে মণিপুৰৰ বিদ্ৰোহী সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট চমুকৈ UNLFয়ে।

লক্ষ্যণীয় যে সোমবাৰে সন্ধিয়া প্ৰায় ৫.৩০ মান বজাত ইম্ফলস্থিত আটাইতকৈ পুৰণি পল’ গ্ৰাউণ্ডত এই গ্ৰেণেডটো বিস্ফোৰিত হৈছিল। আনহাতে এই বিস্ফোৰণত অসম ৰাইফলছৰ দুজনকৈ লোক আহত হৈছিল।

ইয়াৰ উপৰি ইম্ফলৰ কনথৌযাম লামখাইত ২০১৭ চনৰ ৪ ডিচেম্বৰতে সংঘটিত আন এটি বোমা বিস্ফোৰণৰো দায়িত্ব গ্ৰহণ কৰিছে এই বিদ্ৰোহী সংগঠনটোৱে।

মণিপুৰ পিপল’ছ আৰ্মীৰ এটা বিশেষ গোটে এই বিস্ফোৰণ সংঘটিত কৰায় বুলি প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে বুধবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে UNLFৰ প্ৰচাৰৰ দায়িত্বত থকা ডিৰেক্টৰ এম ছেক হেনে।

আনহাতে অসম ৰাইফলছৰ(দক্ষিণ) জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ পৰা অহা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে  ৫ ফেব্ৰুৱাৰিত সংঘটিত বোমা বিস্ফোৰণ কাৰ্যত জড়িত থকা সংগঠনক কাপুৰুষ আখ্যা দিছে অসম ৰাইফলছে। স্মৰ্তব্য যে জেনেৰেল আছাম ৰাইফলছ চেণ্টিনেল কাপ অশ্বাৰোহী প্ৰতিযোগিতা, আৰু নৱম জুনিয়ৰ সংখ্যক ৰাজ্যিক অশ্বাৰোহী প্ৰতিযোগিতা চলি থকা সময়তে বিদ্ৰোহী সংগঠনটোৱে অসম ৰাইফলছক লক্ষ্য কৰি সংঘটিত কৰা বোমা বিস্ফোৰণক চৰম লজ্জাজনক তথা কাপুৰুষালী বুলিও আখ্যা দিছে।

আনহাতে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বিৰেণ সিঙে বোমা বিস্ফোৰণ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিছে বিধানসভা অধিৱেশনৰ জৰিয়তে। তেওঁ কয় যে মণিপুৰত যোৱা কিছুদিনত সংঘটিত হোৱা তিনিটা বিস্ফোৰণৰ তদন্ত চলাব ৰাষ্ট্ৰীয় তদন্ত সংস্থাই।