বিগত কংগ্ৰেছ চৰকাৰৰ আমোলত ৰাজ্যৰ কৃষি বিভাগত সংঘটিত ৭০০ কোটিটকীয়া কেলেংকাৰিৰ গোচৰত অভিযান চলাই সোমবোৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে দুই ঠিকাদাৰ পীযূষ কান্তি দে আৰু অজিত ঠাকুৰীয়াক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে উক্ত কেলেংকাৰিটো সন্দৰ্ভত অসম পাব্লিক ৱৰ্কছে ২০১৪ চনতে দাখিল কৰা অভিযোগৰ ভিত্তিত চি আই ডিয়ে ৫৬/২০১৪ নম্বৰৰ গোচৰ ৰুজু কৰি ইতিমধ্যে ৫ জন কৃষি বিষয়াৰ লগতে আন তিনিজন ঠিকাদাৰক আটক কৰিছিল। একেতা গোচৰতে সোমবাৰে উল্লেখিত দুয়োজন ঠিকাদাৰক চি আই ডিৰ কাৰ্যালয়লৈ মাতি আনি দীৰ্ঘসময় ধৰি জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয়। আনহাতে গ্ৰেপ্তাৰ হোৱা ঠিকাদাৰ দুজন গুৱাহাটীৰ মেছাৰ্ছ মহামায়া এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে। ঠিকাদাৰদ্বয়ে মৰিগাওঁ জিলাৰ কাৰণে সাৰ যোগানৰ নামত ভুৱা চালান প্ৰস্তুত কৰি চৰকাৰী পুঁজিৰ লুণ্ঠন চলাইছিল। দুয়োজনকে তদন্তকাৰী সংস্থাটোৱে কালি বিয়লি গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰায় আৰু আদালতে তেওঁলোকক তিনি দিনৰ বাবে চি আই ডিৰ জিন্মালৈ প্ৰৰণ কৰে।
৭০০ কোটিটকীয়া কৃষি কেলেংকাৰিত অভিযুক্ত দুই ঠিকাদাৰক গ্ৰেপ্তাৰ
-
By NE NOW NEWS
- Categories: অসম
Related Content
"এই বছৰেই মোৰ শেষ", ইডেনত ৰোহিতৰ ভিডিঅ'ই সূচনা কৰিলে নতুন বিতৰ্কৰ
By
এন ই নাও নিউজ
May 11, 2024 2:54 pm
টাৰ্গেট বহুত! প্ৰতিমাহে ৪,৫০০লিটাৰ বিলাতী সুৰা আৰু ৩,৩১০ লিটাৰ বীয়েৰ কৰিব লাগিব বিক্ৰী
By
এন ই নাও নিউজ
May 11, 2024 2:39 pm
চাঞ্চল্যকৰ! ৪ বছৰীয়া কন্যা সন্তানক এৰি আলফালৈ গ’ল তিনিচুকীয়াৰ দম্পতী
By
এন ই নাও নিউজ
May 11, 2024 12:32 pm
মাত্ৰ ২ ছেন্টমিটাৰৰ বাবে থমকিল নীৰজ চোপ্ৰা; পেৰিচ অলিম্পিকৰ পূৰ্বে ডোহাত কি ঘটিল?
By
এন ই নাও নিউজ
May 11, 2024 12:08 pm
মহিলাৰ শ্লীলতাহানিৰ অভিযোগ! নিৰ্বাচনৰ মাজতে গ্ৰেপ্তাৰ হ’ল হেভিৱেট বিজেপি নেতা
By
এন ই নাও নিউজ
May 11, 2024 10:32 am
কোভিশ্বিল্ডৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াত উদ্বেগ! কেন্দ্ৰক সকলো কোভিড ভেকচিনৰ পুনৰীক্ষণৰ আৰ্জি চিকিৎসকৰ
By
এন ই নাও নিউজ
May 11, 2024 10:17 am