৯ ফেব্ৰুৱাৰিৰ পৰা তিনিদিনিয়াকৈ অনুষ্ঠিত হ’ব দীপৰ বিল মহোৎসৱ

প্ৰতিনিধিত্বমূলক চিত্ৰ

অহা ৯ ফেব্ৰুৱাৰিৰ পৰা তিনিদিনিয়াকৈ বাৰেৰহনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব দীপৰ বিল মহোৎসৱ। এই মহোৎসৱৰ লগত সংগতি ৰাখি মঙলবাৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক তথা সমিতিৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ন কলিতাই লাইখুটা স্থাপন কৰে। দীপৰ বিলৰ পাৰৰ চকৰ্দো পাহাৰৰ সমীপত আনুষ্ঠানিকভাবে লাইখুটা স্থাপন কৰি দীপৰ বিলক ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ বাবে দীপৰ বিল মহোৎসৱৰ আয়োজন কৰা হৈছে বুলি মত ব্যক্ত কৰে।

উল্লেখযোগ্য যে পূৰ্বতে ১৬ জানুৱাৰিৰ পৰা এই মহোৎসৱৰ আয়োজন কৰা হৈছিল যদিও এই বেলি মহোৎসৱ খন পিছুৱাই ৯ ফেব্ৰুৱাৰিৰ পৰা অনুষ্ঠিত কৰিব বুলি আনুষ্ঠানিকভাবে ঘোষণা কৰে। মহোৎসৱখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ইতিমধ্যে উদযাপন সমিতিয়ে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।

মঙলবাৰৰ লাইখুটা স্থাপন কাৰ্যসূচীত অসম চৰকাৰৰ বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডল প্ৰাধিকৰী ৰঞ্জিত কোঁৱৰ, দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া হেমন্ত তালুকদাৰ, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন পাৰিষদ ব্ৰজেন দাস, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মহেশ্বৰ ৰংপি, যুটীয়া সম্পাদকদ্বয় প্ৰমোদ ৰংপি, দিলীপ মেধিকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে উদযাপন সমিতিৰ সম্পাদক নৃপেন ইংতিয়ে অনুষ্ঠানটো সূচাৰুৰূপে পৰিচালনা কৰে।