ৰঙাঘৰৰ আলহী হোৱাৰ দিশত আৰু ২৫ গৰাকী এ চি এছ-এ পি এছ বিষয়া

550250-apsc

বিগত কেইবামাহ ধৰি অসমত তোলাপাৰ লগোৱা বহু চৰ্চিত এ পি এছ চি কেলেংকাৰিৰ নতুন অগ্ৰগতি দেখা গৈছে। এই নতুন অগ্ৰগতিয়ে পুনৰ এক ধুমুহাৰ সৃষ্টি কৰিব পাৰে।

শেহতীয়াকৈ আৰক্ষী সূত্ৰই জনোৱা মতে আন  ২৫ গৰাকী এ চি এছ-এ পি এছ আৰু সংলগ্ন সেৱাৰ বিষয়া আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনাই দেখা দিছে। তদন্তৰ দায়িত্বত থকা  ডিব্ৰুগড় আৰক্ষীয়ে  জালিয়াতিৰে চাকৰি লাভ কৰা  বিষয়াৰ আৰু এখন দীঘলীয়া তালিকা সাজু কৰা বুলি জানিব পৰা গৈছে। তথ্য-প্ৰমাণসহ আৰক্ষীয়ে এইসকলৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দিশত আগবাঢ়িছে। এই নতুন ২৫ জন বিষয়াই ২০১৬ চনত চাকৰি পাইছিল বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ৰাজ্য জুৰি চাঞ্চল্য সৃষ্টি কৰা এই কেলেংকাৰিটোত ইতিপূৰ্বে ধনৰ বিনিময়ত চাকৰি লোৱা মুঠ ৩৪ গৰাকী বিষয়াৰ বিৰুদ্ধে তদন্ত চলি আছে।

এক উচ্চপদস্থ আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে নতুনকৈ আন ২৫ জনে জালিয়াতিৰে বাছনিভুক্ত হোৱাৰ তথ্য-প্ৰমাণ আৰক্ষীয়ে লাভ কৰিছে। এই সকলে ২০১৬ চনত নিযুক্তি লাভ কৰিছিল।

সূত্ৰটোৱে কোৱা মতে এই তালিকাখন পৰৱৰ্তী সময়ত দীঘলীয়া হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। এতিয়ালৈকে ফৰেনছিক বিজ্ঞানাগাৰে উত্তৰ বহীসমূহ পৰীক্ষা কৰি ২০১৬ত নিযুক্তি লাভ কৰা ২৫ গৰাকী প্ৰাৰ্থীৰ জালিয়াতিৰ তথ্য ধৰা পেলাইছে।

আৰক্ষী সূত্ৰটোৱে আৰু জনাইছে যে সেই সময়চোৱাৰ এ পি এছ আৰু সংলগ্ন পৰীক্ষাৰ কিছুসংখ্যক উত্তৰবহী ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰাৰ প্ৰয়োজন হোৱা হেতুকে কিছু অধিক সময়ৰ প্ৰয়োজন হৈছে। তদন্তকাৰী আৰক্ষী বিষয়াই এই উত্তৰবহীৰ প্ৰতিবেদনলৈ বাট চাই আছে।