ৰঙিয়াৰ দ্বাৰকুছিত সংঘটিত নাৰকীয় হত্যাৰ প্ৰতিবাদত জোঁৰ সমদল

torch-rally-570x320

৬ এপ্ৰিলত তামিজ আলীক হত্যা কৰাৰ প্ৰতিবাদত শুকুৰবাৰে ১২৭  (ঘ) নং ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃজাতিক সংযোগী পথত এটা জোঁৰ সমদল বাহিৰ কৰা হয়।

কামৰূপৰ তুলসীবাৰীৰ ৪২ বছৰীয়া তামিজ আলীক হত্যাৰ প্ৰতিবাদত দ্বাৰকুছি  আঞ্চলিক অল বড়োলেণ্ড মাইনৰিটী ষ্টুডেণ্টছ ইউনিয়ন দ্বাৰকুছি  আঞ্চলিক অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন, দ্বাৰকুছি  আঞ্চলিক বেংগলী যুব ছাত্ৰ ফেডাৰেশ্যন আৰু দ্বাৰকুছি  আঞ্চলিক কলিতা জনগোষ্ঠী ষ্টুডেণ্টছ ইউনিয়নৰ দ্বাৰা এই জোঁৰ সমদল উলিওৱা হয়।

প্ৰতিবাদীসকলে তামিজ আলীৰ হত্যাত জড়িত অপৰাধীসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

উল্লেখ্য যে কোনো অচিনাক্ত দুৰ্বৃত্তই তামিজ আলীক জঘন্যভাৱে হত্যা কৰি তেওঁৰ মৃতদেহটো দ্বাৰকুছিৰ পথৰ দাঁতিত পেলাই থৈ গৈছিল।

বাতৰি লিখাৰ পৰলৈকে অৱশ্যে আৰক্ষীয়ে দুৰ্বৃত্তক ধৰা পেলাব পৰা নাই।

দ্বাৰকুছিত প্ৰায় ১,০০০ কৰ্মকৰ্তা একগোট হৈ জোঁৰ সমদলত অংশগ্ৰহণ কৰে।

তামিজ আলীৰ হত্যাকাৰীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সমৰ্থ নোহোৱা বাবে গঠনৰ কৰ্মীসকলে অসম চৰকাৰ আৰু বাকছা আৰক্ষীৰ বিৰুদ্ধে শ্লোগান দি বৃহত্তৰ দ্বাৰকুছি অঞ্লত সকলো ধৰণৰ অসামাজিক কাম বন্ধ কৰিবলৈ দাবী জনায়।

জোঁৰ সমদলটো ছিকনিবাৰীৰ পৰা দ্বাৰকুছি বজাৰলৈ গৈ তাৰ পৰা পুনৰ ছিকনিবাৰীলৈ উভতি আহিছিল।