ৰঙিয়া-তামুলপুৰ-ভূটান পথত ভূটানৰ ট্ৰাক চালকৰ দৌৰাত্ম্য : দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক জব্দ আৰক্ষীৰ

ভূটানী ট্ৰাক

বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত  ৰঙিয়া-তামুলপুৰ-ভূটান পথৰ বিভিন্ন স্থানত ভূটানৰ ট্ৰাক চালকৰ দৌৰাত্ম্যত ৰাইজ অতিষ্ঠ হৈ পৰিছে। ভুটানী ট্ৰাকৰ চলাচলে সৰ্বসাধাৰণ ৰাইজৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাত ভাৰতীয় পথচাৰী তথা অন্য যানবাহনৰ নিৰাপত্তা নোহোৱা হৈ পৰিছে।

তীব্ৰ বেগী ভূটানী ট্ৰাক বা অন্য ভুটানী বাহনৰ চালকৰ দৌৰাত্মাৰ বাবেই ৰঙিয়া-তামুলপুৰ-ভূটান পথত সঘনাই সংঘটিত হৈ আহিছে পথ দুর্ঘটনা। দেওবাৰেও দিনৰ ভাগত ৰঙিয়াৰ বালাগাঁওত  ৰৈ থকা টেম্প’ এখনত তামুলপুৰ-ভূটান অভিমুখী বি পি-২ বি-০০৭৩ নম্বৰৰ ভুটানী ট্ৰাক এখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ঘটনাটো প্ৰত্যক্ষ কৰি কেইজনমান স্থানীয় লোকে ট্ৰাকখনক ৰখাবলৈ ইংগিত দিয়ে। কিন্ত ট্ৰাক চালকজনে এই  ইংগিত অমান্য কৰি তীব্ৰ বেগত ভূটানৰ দিশে গতি কৰি পলায়ন কৰে। ট্ৰাক চালক জনৰ এই কাৰ্যত ক্ষুণ্ণ হৈ অৰ্ধ শতাধিক মটৰ চাইকেলেৰে ট্ৰাকখনৰ পিছে পিছে ৰাইজে খেদি যায়।

ইপিনে এই খৱৰ তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে লাভ কৰি তামুলপুৰ থানাৰ সমুখত খাপ পিতি থাকি ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত ট্ৰাকখন ৰখাবলৈ নিৰ্দেশ দিয়ে। তামুলপুৰ আৰক্ষীৰ নিৰ্দেশকো অমান্য কৰি ট্ৰাক চালকজনে তীব্ৰ বেগে পলায়ন কৰে। লগে লগে তামুলপুৰ আৰক্ষীয়ে ট্ৰাকখনৰ বিষয়ে কুমাৰীকাটা আৰক্ষী চকীত খৱৰ দিয়ে।

কুমাৰীকাটা  আৰক্ষী চকীৰ এটি দলে আহি  ৰঙিয়া-ভূটান পথৰ জামগুৰী চকত উপস্থিত হয়। জামগুৰী চকত আৰক্ষীয়ে ট্ৰাকখনক ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও ট্ৰাক চালকজনে আৰক্ষীৰ নিৰ্দেশক পুনৰ অমান্য কৰে আৰু ভূটান ৰাষ্ট্ৰৰ ছানদ্ৰুপ ঝংখাৰৰ ফালে পলায়ন কৰে।

ট্ৰাক চালকজনৰ এনে উদ্ভাণ্ডালি দেখি ৰাইজে ট্ৰাকখনক উদ্দেশ্যে শিলাবৰ্ষণ কৰে। ফলত ট্ৰাক চালক জন তেজেৰে তুমুৰলি হৈ পৰাৰ উপৰি ট্ৰাকখনৰ সন্মুখৰ আইনাখন ভাঙি যায়। আহি আহি ট্ৰাক খনে কুমাৰীকাটাৰ পথৰ দাঁতিত থকা এডাল গছত তীব্ৰ জোৰে খুন্দা মাৰে আৰু ট্ৰাকখন দুর্ঘটনাত পতিত হয়।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আঁহত হয় ট্ৰাক খনৰ চালক জন। পিছে পিছে খেদি যোৱা আৰক্ষীৰ দলে লগে লগে ট্ৰাকখন জব্দ কৰে আৰু আহত চালক জনক উদ্ধাৰ কৰি কুমাৰীকাটা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। পিছত উন্নত চিকিৎসাৰ বাবে ট্ৰাক চলকজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।