ৰঙিয়া ষ্টেইশ্যনত বিহাৰ অভিমুখী নৰ্থ-ইষ্ট এক্সপ্ৰেছৰ পৰা নিচাজাতীয় দ্ৰব্যৰ সৈতে তিনিজনক আটক

বিহাৰ চৰকাৰে সমগ্ৰ ৰাজ্যখনতে সুৰা নিষিদ্ধ কৰাৰ পাছত বৰ্তমান এক দুষ্ট চক্ৰই অসমৰ পৰা বিহাৰলৈ নিচাজাতীয় সামগ্ৰী সৰবাৰহৰ জৰিয়তে নিচাজাতীয় বেহাৰ এক ৰমৰমীয়া বজাৰ গঢ়ি তুলিছে। এই কথা প্ৰমাণ কৰে শুকুৰবাৰে দিনৰ ভাগত ৰঙিয়া ৰে’ল জংচনৰ পৰা তিনিজন লোকক এক বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীৰ সৈতে আটক কৰা ঘটনাই।

ৰঙিয়া ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে শুকুৰবাৰে দিনৰ ভাগত ৰঙিয়া ৰে’ল জংচনৰ ১ নং প্লেটফৰ্মত নৰ্থ ইষ্ট এক্সপ্ৰেছ যোগে বিহাৰলৈ যাত্ৰা কৰাৰ উদ্দেশ্যে তিনিজন ব্যক্তিয়ে অপেক্ষ কৰি আছিল। সেই সময়তে ৰে’লৱে আৰক্ষী টিংকু বৰা আৰু অশোক দাসৰ নেতৃত্বত থকা এটা তহলদাৰী দলৰ ব্যক্তি কেইজনৰ গতি-বিধি দেখি সন্দেহ ওপজে।

ফলত ৰে’লৱে আৰক্ষীৰ দলটোৱে ব্যক্তি কেইজনক তালাচী চলায়। তালাচী তেওঁলোকৰ পৰা ৫২ টা নিচা জাতীয় দ্ৰব্যৰ বটল উদ্ধাৰ কৰে। আৰু ব্যক্তি কেইজনোক আটক কৰে।

আটকাধীন লোককেইজনক ৰে’লৱে আৰক্ষীয়ে সোধ-পোছ কৰাত ব্যক্তি কেইজনে নিজকে বিহাৰৰ মজফ্ফৰপুৰ জিলাৰ গোবিন্দ কুমাৰ, যাদৱ লাল যাদৱ আৰু ৰামজনম ৰায় বুলি চিনাকী দিয়ে। লগতে তেওঁলোকে নিচাজাতীয় দ্ৰব্যখিনি বিহাৰত বিক্ৰী কৰাৰ উদ্দেশ্যে সংগ্ৰহ কৰা বুলিও জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ৰে’লৱে আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় দ্ৰব্যৰ বটলকেইটাত ‘চাইফন চিৰাফ’ বুলি লিখা থকাৰ উপৰি ‘ফিজিচিয়ান ছেম্পল’ বুলি লিখা আছিল। গতিকে আৰক্ষীয়ে এই নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহত একাংশ দৰৱৰ কোম্পানি জড়িত থাকিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে।