• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জন গগৈক দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাৰ পৰা বঞ্চিত কৰা হ’ব? আইন মন্ত্ৰীৰ ভাষ্যত কিহৰ ইংগিত?

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
June 19, 2018 3:07 pm
RanjanGogoi

ফাইল ফটো : ৰঞ্জন গগৈ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ন্যায়পালিকাৰ প্ৰচলিত পৰম্পৰা মতে যদিও অসম সন্তান তথা উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ দ্বিতীয় জ্যেষ্ঠতম ন্যায়াধীশ ৰঞ্জন গগৈ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাটো নিশ্চিত, ৰাজনৈতিক হস্তক্ষেপ বা চক্ৰান্তৰ দ্বাৰা তেওঁক এই বিৰল কৃতিত্বৰ পৰা বঞ্চিত কৰা হ’ব নেকি? আকৌ অসম তথা উত্তৰ-পূবৰ প্ৰতি দেশৰ মূল ভূখণ্ডৰ অৱজ্ঞা তথা বঞ্চনাৰ প্ৰমাণ পাবলৈ গৈ আছে নেকি এই অংশৰ জনসাধাৰণ?

এইবোৰ প্ৰশ্নৰ উকমুকনিৰ মূলতে হ’ল আজি কেন্দ্ৰীয় আইন মন্ত্ৰীয়ে কৰা এটা মন্তব্য। কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে আজি নতুন দিল্লীত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত দেশৰ ন্যায়পালিকাৰ পৰম্পৰাৰ কথা আঙুলিয়াই দিও এনেকুৱা এটা সুৰত উত্তৰ দিয়ে যে তাৰ অন্তৰ্নিহিত অৰ্থক লৈ এতিয়া দেশজুৰি চৰ্চা হৈছে। কেন্দ্ৰীয় আইন মন্ত্ৰীজনে তাৎপৰ্য্যপূৰ্ণ মন্তব্যটোত কয় যে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ নিযুক্তি সন্দৰ্ভত চৰকাৰৰ অভিপ্ৰায়ক (intention) লৈ কোনেও প্রশ্ন নকৰিব।

তেওঁ লগতে ন্যায়পালিকাৰ পৰম্পৰাৰ কথাও বাৰে বাৰে উল্লেখ কৰে সাংবাদিকৰ আগত। তেওঁক সাংবাদিকে পোনপটীয়াকৈ প্ৰশ্ন কৰিছিল যে চৰকাৰে পৰম্পৰা অনুসৰণ কৰি ৰঞ্জন গগৈক পৰৱৰ্তী মুখ্য ন্যায়াধীশ নিযুক্তি দিব নে?

উত্তৰত তেওঁ কয়, প্ৰচলিত নিয়ম হ’ল, বৰ্তমানৰ মুখ্য ন্যায়াধীশজনে শীৰ্ষ আদালতখনৰ জ্যেষ্ঠতম ন্যায়াধীশজনৰ নাম অনুমোদন কৰে। এই নিয়মৰ কথা কৈ তেওঁ কয়, “আমালৈ যেতিয়া নামটো আহিব আমি তেতিয়া বিবেচনা কৰিম।”

উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ পিছতে অসম সন্তান ৰঞ্জন গগৈ বৰ্তমান উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ। আনহাতে দীপক মিশ্ৰই অহা ২ অক্টোবৰত অৱসৰ ল’ব। গতিকে ন্যায়পালিকাৰ পৰম্পৰালৈ মন কৰিলে ৰঞ্জন গগৈ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাটো নিশ্চিত হৈ আছে।

কিন্তু দেশৰ সংবাদ মাধ্যম আৰু ৰাজনৈতিক বিশ্লেষকসকলে ৰঞ্জন গগৈৰ এই বিৰল কৃতিত্বৰ সন্মুখত ডাৱৰ দেখা পাইছে। যদিও পৰৱৰ্তী জ্যেষ্ঠতম ন্যায়াধীশজনৰে নাম উত্তৰাধিকাৰী হিচাপে অনুমোদন কৰাৰ অলৰ-অচৰ পৰম্পৰা আছে, তথাপি তেওঁৰ নাম দীপক মিশ্ৰই অনুমোদন নজনাব পাৰে বুলি শংকা প্ৰকাশ কৰিছে বিভিন্ন মহলে।

এই শংকাৰ এটা অন্যতম ভিত্তি হ’ল, যোৱা জানুৱাৰি মাহত ৰঞ্জন গগৈ আৰু উচ্চতম ন্যায়ালয়ৰ আন তিনিজন জ্যেষ্ঠ ন্যায়াধীশ ক্ৰমে ন্যায়াধীশ চেলামেশ্বৰ, মদন বি লুকুৰ আৰু কুৰিয়ান জোছেফে সংবাদমেল দি মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰুদ্ধে ৰাজহুৱাভাৱে কিছুমান ন্যায়িক অভিযোগ আনিছিল, যিটো আছিল দেশত এটা অভূতপূৰ্ব ঘটনা।

ৰাজনৈতিক বিশ্লেষকসকলে এইটোও কৈছে যে এই কাৰণতে যদি দীপক মিশ্ৰই তেওঁৰ উত্তৰাধিকাৰী হিচাপে ৰঞ্জন গগৈৰ নাম অনুমোদন নকৰাকৈ থাকে, তেতিয়া তাত বিজেপিৰ সমৰ্থন উৎসাহৰ সৈতে দেখা যাব পাৰে। বিশ্লেষকসকলে ইয়াৰ কাৰণ হিচাপে ৰঞ্জন গগৈৰ দেউতাক প্ৰয়াত কেশৱ গগৈ অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী আছিল আৰু তেওঁ কংগ্ৰেছী আছিল বাবেই ৰঞ্জন গগৈৰ গাত কংগ্ৰেছৰ লেবেল লগোৱাৰ চেষ্টাক আঙুলিয়াই দিয়ে।

আনহাতে যদিহে অৱসৰৰ পথত থকা মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই ৰঞ্জন গগৈৰ নামটো পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে অনুমোদন কৰে, তেতিয়া মোদী চৰকাৰৰ হাতত গগৈৰ নামটো একাষৰীয়া কৰাৰ বাবে সম্ভৱ কাৰণ একো নাথাকিবগৈ। তেনেস্থলত ৰঞ্জন গগৈয়েই দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাটো এক প্ৰকাৰৰ নিশ্চিত।

ইফালে এনে বিশ্লেষণো দেখা গৈছে যে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ আগ মুহূৰ্তত বিজেপিয়ে উত্তৰ-পূবৰ মানুহৰ মনত উত্তৰ-পূবৰ প্ৰতি দলটোৰ অৱজ্ঞাৰ মনোভাৱৰ প্ৰমাণ দিয়াত সিমান আগ্ৰহী নহ’ব পাৰে।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd