ৰমাকান্ত দেউৰী আখ্যান : কেবিনেট মন্ত্ৰিত্ব আছিল মোদী-শ্বাহৰ প্ৰতিশ্ৰুতি; বিসৰ্জন দিছিল ৪টা সমষ্টি

‘মোদী, অমিত শ্বাহে’ তিৱাসকলৰ পৰা এজনক কেবিনেট মন্ত্ৰিত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। চৰকাৰ গঠনৰ দুবছৰৰ পিছত ২৬ এপ্ৰিলত সোণোৱাল ( Sonowal ) মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাৰ পিছতে তিৱা জনগোষ্ঠীৰ পৰা মন্ত্ৰিত্বপ্ৰত্যাশী মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আজি ২৭ এপ্ৰিলত নৰ্থ ইষ্ট নাও-ৰ আগত ‘বঞ্চনা’ৰ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে তিৱা জাতীয় ঐক্যমঞ্চক ‘মোদী, অমিত শ্বাহৰ ওচৰলৈ লৈ’ যোৱাৰ কথা উল্লেখ কৰি দেউৰীয়ে কয় যে উক্ত বৈঠকত তেওঁলোকক ‘সন্মান দি’ কেবিনেট মন্ত্ৰিত্বৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। উল্লেখযোগ্য যে যোৱা বিধানসভা নিৰ্বাচনত তিৱা ঐক্যমঞ্চ বিজেপি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ আছিল আৰু মিত্ৰজোঁটৰ মূল প্ৰচাৰ ছবিৰ দেউৰী অন্যতম মুখ আছিল।

‘তিৱা জাতীয় ঐক্যমঞ্চই ৫টা সমষ্টিত প্ৰাৰ্থিত্ব দিব খুজিছিল’ বুলি উল্লেখ কৰি দেউৰীয়ে কয় যে ‘দেশৰ কাৰণে এইবাৰ দিব নালাগে’ বুলি তেওঁলোকক নিৰ্বাচনত বাৰণ কৰা হৈছিল। বটদ্ৰৱাত যোৱা নিৰ্বাচনত ১,৬৫,০০০ সংখ্যালঘু ভোট পৰা বুলি উল্লেখ কৰি দেউৰীয়ে প্ৰশ্ন কৰে ‘আমাৰ ২৮ হাজাৰ ভোট নিদিয়া হ’লে বটদ্ৰৱাত জিকিলেহেঁতেন নেকি? ৰহাত জিকিলেহেঁতেন নেকি?’

দেউৰীয়ে কয় যে জনগোষ্ঠীয় এজনে মন্ত্ৰিত্ব পাব বুলিয়ে মধ্য অসমৰ সকলো জাতি-জনগোষ্ঠীৰ ৰাইজে মিলি যোৱা নিৰ্বাচনত মিত্ৰজোঁটক ভোট দিছিল। উল্লেখযোগ্য যে ৰমাকান্ত দেউৰীয়ে মন্ত্ৰিত্ব নোপোৱাৰ প্ৰতিবাদত সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ তিৱা মহিলা সন্থা, তিৱা যুৱ-ছাত্ৰ পৰিষদ, তিৱা মহিলা কল্যাণ পৰিষদ, জাতীয় ঐক্যমঞ্চ আদি সকলো তিৱা জাতীয় সংগঠনৰ লগতে কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, চুতীয়া জাতি যুৱ সন্মিলন, কোঁচ ৰাজবংশী সন্মিলনী, চুতীয়া জাতি সন্মিলনেও আজি ২৭ এপ্ৰিলত অসম বন্ধ আহ্বান জনাইছিল।

আনহাতে আজিৰ বন্ধটো তেওঁ সমৰ্থন কৰা নাই, বৰঞ্চ বন্ধ দিব নালাগে বুলিহে তেওঁ সংগঠনবোৰক ‘বুজোৱা’ বুলি মন্তব্য কৰি দেউৰীয়ে কয় যে বন্ধই মন্ত্ৰিত্ব পোৱা নোপোৱাটো নিৰ্ধাৰণ নকৰে। ‘কৰ্মীখিনিলে দুখ লাগিছে, কাকো বুজাব পৰা নাই এতিয়া’ বুলি মন্তব্য কৰি তেওঁ লগতে প্ৰশ্ন কৰে ‘আজিলৈকে অসমৰ কোনো চৰকাৰতে তিৱা জনগোষ্ঠীৰ মন্ত্ৰী নাই। ক্ষোভ উজাৰিবনে নে নুজাৰিব? কেনেকে বাধা দিম?’

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত তিৱা নেতাজনে আগবঢ়োৱা মন্তব্য আৰু মধ্য অসমৰ আজিৰ পৰিস্থিতিয়ে ‘জাতি’ৰ প্ৰতিনিধিত্ব দিব নোৱাৰি ‘জাতি, মাটি, ভেটি’ ৰক্ষাৰ শ্ল’গানেৰে গঠিত সোণোৱাল চৰকাৰে থৰকাছুটি হেৰুওৱাৰ ইংগিত দিছে।

মন্ত্ৰীসভা সম্প্ৰসাৰণত নৈতিকতাৰ ‘কোনো কথা নাই’ বুলি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে  নতুন মন্ত্ৰীয়ে শপত লৈ থকাৰ সময়তে কালি অসম বিজেপিৰ পঞ্চায়ত নিৰ্বাচন ৰণকৌশল সমিতিৰ সভাপতিৰ পদ ত্যাগ কৰিছিল।

আনহাতে মন্ত্ৰীসভাত সংখ্যালঘু এজনো মন্ত্ৰী নথকাত বৰাক উপত্যকাৰ সোনাই সমষ্টিৰ বিজেপি বিধায়কজনেও ক্ষোভ ওজৰাৰ লগতে মন্ত্ৰীসভাত বৰাকৰ মাত্ৰ এজনহে প্ৰতিনিধি থকাত বৰাকৰ বিভিন্ন দল-সংগঠনেও প্ৰতিবাদ কৰিছে।