‘ৰাজ্যবাসীক এক উন্নত আৰু মৰ্যাদা সম্পন্ন জীৱন প্ৰদানৰ বাবে বিগত দুবছৰে অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে অভিযান চলাই আহিছে। ৰাইজে চৰকাৰৰ এই দুৰ্নীতি বিৰোধী অভিযান অধিক শক্তিশালী কৰিব লাগিব।‘
দেওবাৰে তিনিচুকীয়া জিলা আঞ্চলিক সোণোৱাল-কছাৰী ছাত্ৰ সন্থাই জিলাখনৰ পানীতলাৰ গোবিন্দপুৰত আয়োজন কৰা সোণোৱাল-কছাৰী লোক সংস্কৃতিৰ সাংস্কৃতিক অনুষ্ঠান ‘ৰংখলা’ত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।
মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ সকলো জাতি-জনগোষ্ঠীক সম্প্ৰীতি আৰু সমন্বয় শক্তিশালী কৰাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ ৰংখলাৰ ঐতিহ্যৰ কথা উনুকিয়াই এইদৰে কয়, ‘ৰংখলাই সোণোৱাল কছাৰীসকলৰ সুপ্ৰাচীন ঐতিহ্যৰ স্বাক্ষৰ বহন কৰি আহিছে। ৰাজ্যখনৰ জাতি-জনগোষ্ঠীসমূহক সোণোৱাল-কছাৰী জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি সম্পৰ্কে জনাত ৰংখলাই যথেষ্ট সহায় কৰিব। এই কাৰ্যসূচীয়ে সমন্বয় আৰু ভাতৃত্ববোধ সুদৃঢ় কৰাৰ ক্ষেত্ৰটো সহায় কৰিব।‘
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে পৃথিৱীত বিভিন্ন সংস্কৃতি আছে কিন্তু এই সংস্কৃতিসমূহক আগুৱাই নিয়াৰ আধাৰ হৈছে কৰ্ম সংস্কৃতি। কামৰ অবিহনে জীৱনত সফলতা অসম্ভৱ। সেয়েহে, নিজকে সফল আৰু আদৰ্শ ব্যক্তি হিচাপে গঢ় দিবৰ বাবে সকলোৱে কৰ্ম পথাৰত আত্ম-নিয়োগ কৰিব লাগিব।
সোণোৱাল-কছাৰী জনগোষ্ঠীৰ আৰ্থ-সামাজিক আৰু সংস্কৃতিৰ বিকাশৰ বাবে সোণোৱাল-কছাৰী স্বায়ত্ব শাসিত পৰিষদে বিগত সময়ছোৱাত গ্ৰহণ কৰা পদক্ষেপ সমূহৰো মুখ্যমন্ত্ৰী সোণোৱালে শলাগ লয়। ভাল কাম কৰিলে মানুহে আকোৱালি লয় আৰু বেয়া কাম কৰিলে মানুহে ঘৃণা কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে কলুষিত মনেৰে দেশ আৰু সমাজ নিৰ্মাণ কৰিব নোৱাৰি। মন মুক্ত হ’লেহে সমাজ সংস্কাৰ সম্ভৱ। মুখ্যমন্ত্ৰী সোণোৱালে চৰকাৰৰ কাম-কাজৰ ওপৰত জনসাধাৰণক তীক্ষ্ন নজৰ ৰাখিবলৈ আহ্বান জনায়।
কোনো কাৰণতে ৰাজ্যবাসীক শংকিত নহ’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীক নিৰাপত্তা প্ৰদান কৰা মৰ্যাদা সহকাৰে জীয়াই থকাৰ বাবে পৰিৱেশ নিৰ্মাণ কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে আৰু ভৱিষ্যতেও সেই দায়িত্ব নিষ্ঠাৰে পালন কৰি যাব। তদুপৰি, মুখ্যমন্ত্ৰী সোণোৱালে উঠি অহা প্ৰজন্মক মূল্যবোধৰ আদৰ্শেৰে গঢ়ি তুলিবৰ বাবে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক বিশেষ ভূমিকা ল’বলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী সোণোৱালে লগতে যুৱক-যুৱতীসকলক ক্ৰীড়া, সংস্কৃতি আৰু শিক্ষাত উপযুক্তভাৱে মনোনিৱেশ কৰি নিজৰ ব্যক্তিত্ব আৰু ভৱিষ্যৎ গঢ় দিবলৈও পৰামৰ্শ আগবঢ়ায়।
দেওবাৰে এই অনুষ্ঠানত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়কদ্বয় ক্ৰমে বিনোদ হাজৰিকা আৰু ঋতুপৰ্ণ বৰুৱা, সোণোৱাল-কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপু ৰঞ্জন মাক্ৰাৰীয়েও ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত অসম হাউচিং ব’ৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, তিনিচুকীয়া জিলাৰ উপায়ুক্ত অইনাম সৰণ কুমাৰ সিং প্ৰমুখ্যে কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।