• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাইজে চৰকাৰৰ দুৰ্নীতি বিৰোধী অভিযান অধিক শক্তিশালী কৰিব লাগিব : মুখ্যমন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2018 8:14 am
27-05-18 Tinsukia- CM at Sonowal Kachari community folk cultural event (3)

তিনিচুকীয়া জিলাৰ পানীতলাৰ গোবিন্দপুৰত আয়োজন কৰা সোণোৱাল-কছাৰী লোক সংস্কৃতিৰ সাংস্কৃতিক অনুষ্ঠান ‘ৰংখলা’ত ভাষণৰত মুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাজ্যবাসীক এক উন্নত আৰু মৰ্যাদা সম্পন্ন জীৱন প্ৰদানৰ বাবে বিগত দুবছৰে অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে অভিযান চলাই আহিছে। ৰাইজে চৰকাৰৰ এই দুৰ্নীতি বিৰোধী অভিযান অধিক শক্তিশালী  কৰিব লাগিব।‘

দেওবাৰে তিনিচুকীয়া জিলা আঞ্চলিক সোণোৱাল-কছাৰী ছাত্ৰ সন্থাই জিলাখনৰ পানীতলাৰ গোবিন্দপুৰত আয়োজন কৰা সোণোৱাল-কছাৰী লোক সংস্কৃতিৰ সাংস্কৃতিক অনুষ্ঠান ‘ৰংখলা’ত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

Apply Now

মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ সকলো জাতি-জনগোষ্ঠীক সম্প্ৰীতি আৰু সমন্বয় শক্তিশালী কৰাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ ৰংখলাৰ ঐতিহ্যৰ কথা উনুকিয়াই এইদৰে কয়, ‘ৰংখলাই সোণোৱাল কছাৰীসকলৰ সুপ্ৰাচীন ঐতিহ্যৰ স্বাক্ষৰ বহন কৰি আহিছে। ৰাজ্যখনৰ জাতি-জনগোষ্ঠীসমূহক সোণোৱাল-কছাৰী জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি সম্পৰ্কে জনাত ৰংখলাই যথেষ্ট সহায় কৰিব। এই কাৰ্যসূচীয়ে সমন্বয় আৰু ভাতৃত্ববোধ সুদৃঢ় কৰাৰ ক্ষেত্ৰটো সহায় কৰিব।‘

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে পৃথিৱীত বিভিন্ন সংস্কৃতি আছে কিন্তু এই সংস্কৃতিসমূহক আগুৱাই নিয়াৰ আধাৰ হৈছে কৰ্ম সংস্কৃতি। কামৰ অবিহনে জীৱনত সফলতা অসম্ভৱ। সেয়েহে, নিজকে সফল আৰু আদৰ্শ ব্যক্তি হিচাপে গঢ় দিবৰ বাবে সকলোৱে কৰ্ম পথাৰত আত্ম-নিয়োগ কৰিব লাগিব।

সোণোৱাল-কছাৰী জনগোষ্ঠীৰ আৰ্থ-সামাজিক আৰু সংস্কৃতিৰ বিকাশৰ বাবে সোণোৱাল-কছাৰী স্বায়ত্ব শাসিত পৰিষদে বিগত সময়ছোৱাত গ্ৰহণ কৰা পদক্ষেপ সমূহৰো মুখ্যমন্ত্ৰী সোণোৱালে শলাগ  লয়। ভাল কাম কৰিলে মানুহে আকোৱালি লয় আৰু বেয়া কাম কৰিলে মানুহে ঘৃণা কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে কলুষিত মনেৰে দেশ আৰু সমাজ নিৰ্মাণ কৰিব নোৱাৰি। মন মুক্ত হ’লেহে সমাজ সংস্কাৰ সম্ভৱ। মুখ্যমন্ত্ৰী সোণোৱালে চৰকাৰৰ কাম-কাজৰ ওপৰত জনসাধাৰণক তীক্ষ্ন নজৰ ৰাখিবলৈ আহ্বান জনায়।

কোনো কাৰণতে ৰাজ্যবাসীক শংকিত নহ’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীক নিৰাপত্তা প্ৰদান কৰা মৰ্যাদা সহকাৰে জীয়াই থকাৰ বাবে পৰিৱেশ নিৰ্মাণ কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে আৰু ভৱিষ্যতেও সেই দায়িত্ব নিষ্ঠাৰে পালন কৰি যাব। তদুপৰি, মুখ্যমন্ত্ৰী সোণোৱালে উঠি অহা প্ৰজন্মক মূল্যবোধৰ আদৰ্শেৰে গঢ়ি তুলিবৰ বাবে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক বিশেষ ভূমিকা ল’বলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী সোণোৱালে লগতে যুৱক-যুৱতীসকলক ক্ৰীড়া, সংস্কৃতি আৰু শিক্ষাত উপযুক্তভাৱে মনোনিৱেশ কৰি নিজৰ ব্যক্তিত্ব আৰু ভৱিষ্যৎ গঢ় দিবলৈও পৰামৰ্শ আগবঢ়ায়।

দেওবাৰে এই অনুষ্ঠানত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়কদ্বয় ক্ৰমে বিনোদ হাজৰিকা আৰু ঋতুপৰ্ণ বৰুৱা, সোণোৱাল-কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপু ৰঞ্জন মাক্ৰাৰীয়েও ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত অসম হাউচিং ব’ৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, তিনিচুকীয়া জিলাৰ উপায়ুক্ত অইনাম সৰণ কুমাৰ সিং প্ৰমুখ্যে কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd