ৰাইজৰ ৰুদ্ৰমূৰ্তিৰ প্ৰভাৱ? এইবাৰ নাগৰিকত্ব সংশোধনী  বিধেয়কৰ বিৰোধিতা অসম সত্ৰ মহাসভাৰ

SatraMahaSabha

আজি গুৱাহাটীৰ খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসমৰ ৰাইজ-দল-সংগঠনৰ মত ল’বলৈ সংসদীয় যুটীয়া কমিটীয়ে অনুষ্ঠিত কৰা শুনানিত অংশ গ্ৰহণ কৰি উক্ত বিধেয়কখনৰ বিৰোধিতা কৰিলে অসম সত্ৰ মহাসভাই। আজি শুনানিত নিজৰ নিজৰ স্থিতি জনাবলৈ খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয় প্ৰাংগণত উপস্থিত হৈছিল বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি। এই সকলৰ মাজত আছিল সত্ৰ মহাসভাৰ প্ৰতিনিধিও।

উল্লেখযোগ্য যে নতুন দিল্লীত অনুষ্ঠিত শুনানিত সত্ৰ মহাসভাৰ হৈ সাধাৰণ সম্পাদক কুসুম মহন্ত আৰু উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে বিধেয়কখনৰ সপক্ষে মত প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যৰ বিভিন্ন স্তৰৰ নাগৰিকে জাতি বিৰোধী কাৰ্য্যত লিপ্ত হোৱা বুলি সত্ৰ মহাসভাক ককৰ্থনা কৰিছিল। সদৌ অসম ছাত্ৰ সন্থাই ‘বাংলাদেশত সত্ৰ খোলকগৈ’ বুলি সকীয়াই দিছিল সত্ৰ মহাসভাক। সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীকো ককৰ্থনা কৰিছিল ছাত্ৰ সংগঠনটোৰ লগতে বিভিন্ন স্তৰৰ নাগৰিকে।

প্ৰথম অৱস্থাত সত্ৰ মহাসভাই ‘অসমৰ ক্ষতি হ’ব পৰা একো কোৱা নাই’ বুলি কৈ গা সাৰিব খুজিছিল যদিও, পৰিস্থিতি বিষম দেখি সত্ৰ মহাসভাই ততাতৈয়াকৈ নিজৰ স্থিতি স্পষ্ট কৰি প্ৰতিনিধি দুজনে সত্ৰ মহাসভাক প্ৰতিনিধিত্ব কৰা নাই বুলি ঘোষণা কৰিছিল। লগতে তেওঁলোকক কৰ্তৃত্ব দিয়া হোৱা নাছিল বুলিও স্পষ্ট কৰিছিল।

আনহাতে সত্ৰ মহাসভাৰ ভিতৰচ’ৰাতো বিদ্ৰোহে দেখা দিছিল। ফলত সত্ৰ মহাসভাই সাধাৰণ সম্পাদক কুসুম কুমাৰ মহন্তক নিলম্বিত কৰিছিল।

আজি খানাপাৰাৰ শুনানিত উপস্থিত থকা সত্ৰ মহাসভাৰ প্ৰতিনিধিসকলে সাংবাদিকৰ আগত পুনৰ কয় যে আগৰ মতটো তেওঁলোকৰ মত নাছিল। তেওঁলোক (আগতে দিল্লীত মত দিয়াকেইজন) এতিয়া সত্ৰ মহাসভাৰ কোনো নহয়। এতিয়া তেওঁলোকে এই বিধেয়কখনৰ বিৰোধিতাৰে স্মাৰক পত্ৰ তথা সাক্ষ্য দিয়া বুলি কয়।