ৰাজস্থান পত্ৰিকাৰ নতুন ৱেবছাইট মুকলি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণাৱালৰ

মুখ্য মন্ত্ৰী

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে গুৱাহাটী মহানগৰীৰৰ এখন আগশাৰীৰ হোটেলত উত্তৰ পূৰ্বাঞ্চলৰ বাবে ৰাজস্থান পত্ৰিকাৰ ‘Dailynews360.com’ নামৰ এটি নতুন ৱেবছাইট মুকলি কৰে।

এই উপলক্ষে ৰাজস্থান পত্ৰিকাৰ ‘কি নোট’ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ৰাজস্থান পত্ৰিকা গ্ৰুপে উত্তৰ পূৰ্বাঞ্চলক বিশেষ স্থান দিয়াৰ বাবে গ্ৰহণ কৰা পদক্ষেপ অতিশয় আদৰণীয় আৰু ইয়ে আমাৰ নতুল প্ৰজন্মক আগুৱাই নিয়াৰ উপৰি আঞ্চলটোৰ এখন প্ৰতিচ্ছবিও দেশবাসীয়ে জানিবলৈ সক্ষম হ’ব।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে সামাজিক জীৱনগাঁথাক অধিক উত্তৰণমুখী কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি উল্লেখ কৰি জনসাধাৰণক ধনাত্মক দিশসমূহৰ প্ৰতি আগ্ৰহান্বিত কৰি তোলাটো অতি প্ৰয়োজন বুলি কয়। লগতে এই ক্ষেত্ৰত সংবাদ মাধ্যমে পৰিৱেশ নিৰ্মাণ কৰিব লাগিব বুলিও কয়।

সমাজ জীৱনক আলোকিত কৰিব পৰা দিশসমূহ সঠিকভাৱে গণমুখী কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰু দায়িত্ব আছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে, ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ নীতিৰে সমগ্ৰ দেশৰ জনগণক ঐক্যবদ্ধভাৱে আগবঢ়াই নিয়াৰ বাবে প্ৰয়াস কৰিছে। অসমে ৰাজস্থানৰ লগত বন্ধুত্বপূৰ্ণ ৰাজ্য হিচাপে বিভিন্ন ক্ষেত্ৰত বিনিময়ৰ মাধ্যমেৰে এক পৰিৱেশ ৰচনা কৰাৰ বাবে দৃঢ়তাৰে আগবাঢ়িছে।‘

আজিৰ অনুষ্ঠানটোত ৰাজস্থান পত্ৰিকা গ্ৰুপৰ পৰিচাল সঞ্চালক নিহাৰ কোঠাৰী, ডেপুটি এডিট’ৰ ভূৱনেশ জৈন প্ৰমুখ্যে সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি সকল উপস্থিত থাকে।