মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আজি ২৪ মে’ত দুবছৰ সম্পূৰ্ণ কৰিব। চৰকাৰৰ এই দুবছৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্তত চৰকাৰীভাৱে কোনো উৎসৱ উদযাপনৰ পৰিৱেশ সৃষ্টি হোৱা নাই।
চৰকাৰে মাত্ৰ নিৰ্দিষ্ট কেইটামান বিভাগৰ দুবছৰীয়া কাম-কাজৰ সম্পৰ্কীয় বিজ্ঞাপন দিয়েই বিষয়টো সামৰিব খুজিছে।
বিগত ২০১৬ চনৰ ২৪ মে’ত মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালে শপত গ্ৰহণ কৰিছিল। শপত গ্ৰহণৰ পিছৰপৰাই চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে, অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ৰাইজৰ আস্থা অৰ্জনৰ পথত বহু পৰিমানে সফলো হৈছিল।
ইয়াৰ পিছতে জি এছ টি বলৱৎ হোৱাৰ পিছত চৰকাৰৰ বিত্তীয় অৱস্থা ভাল নহয় যদিও সামগ্ৰিকভাৱে ইতিবাচক পৰিৱেশ এটা সৃষ্টি হৈছিল।
কিন্তু শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবে বিধেয়ক উত্থাপন কৰি আইন সংশোধন কৰিবলৈ লোৱা কাৰ্যৰে জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে কংগ্ৰেছৰ দৰেই বিদেশী ‘ভোট বেংক’ সৃষ্টিত গুৰুত্ব দিয়াত অসমৰ জনসাধাৰণে চৰকাৰখনৰ প্ৰতি বিদ্ৰোহী হৈ উঠা দেখা গৈছে।
বৰ্তমান এই বিষয়টোক লৈ ৰাজ্যত উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজ্যজুৰি বিষয়টোক লৈ প্ৰতিবাদ অব্যাহত থকাত চৰকাৰৰ বৰ্ষপূৰ্তি উদযাপনৰ উৎসাহ নোহোৱা হৈছে। সেয়েহে ৰাজ্য চৰকাৰে বৰ্ষপূৰ্তি উদযাপনৰ বাবে কোনো বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা নাই।
আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰৰ দুবছৰ হোৱা উপলক্ষে এখন সংবাদ মেলৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিবলগীয়া এই সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়ক, এপিএছচিৰ দুৰ্নীতিৰ তদন্তৰ লগতে উন্নয়নৰ দিশত চৰকাৰৰ কাৰ্যসূচীসমূহৰ বিষয়ে সোণোৱালে কেনেদৰে স্থিতি স্পষ্ট কৰে সেয়া লক্ষণীয় হ’ব।