ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ : ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰী সোণোৱালৰ

10-05-18 Guwahati- CM calling on Governor

বৃহস্পতিবাৰে ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীৰ সৈতে আলোচনাকালত মুখ্যমন্ত্ৰী সোণোৱাল : ইউ বি ফটো

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিয়ে শুনানি গ্ৰহণ কৰাৰ পিছতে দল-সংগঠনসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰা পৰিস্থিতিৰ পিছত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাক্ষাৎ কৰে ৰাজ্যপাল জগদীশ মুখীক।

জানিব পৰা মতে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজভৱনলৈ গৈ ৰাজ্যপাল মুখীক সাক্ষাৎ কৰি  ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত বিশদভাৱে আলোচনা কৰে। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশ সম্পৰ্কতো মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালৰ সৈতে আলোচনাত মিলিত হয়।

ৰাজ্যৰ সম্ভাৱ্য আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰ যে সাজু সেই কথাও ৰাজ্যপালক অৱগত কৰে। ৰাজ্যপাল মুখীৰ লগত হোৱা আলোচনাৰ সময়ত ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণ আৰু ধুমুহা শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত জনসাধাৰণলৈ প্ৰশাসনে আগবঢ়োৱা সহায়-সাহায্যৰ লগতে বানৰ সময়ত ল’বলগীয়া  ব্যৱস্থা সম্পৰ্কত ৰাজ্য চৰকাৰ কেনেদৰে সাজু হৈছে সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপালগৰাকীক অৱগত কৰে।

মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যপাল মুখীক কয় যে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জিলা প্ৰশাসনসমূহ আগতীয়াকৈ প্ৰস্তুত হৈ থকাৰ লগতে বিভিন্ন নীতি-নিৰ্দেশনাসমূহ আগবঢ়োৱা হৈছে।