ৰাজ্যত স্থাপন হ’বলগীয়া চাৰিখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ বুজ ল’লে মুখ্য মন্ত্ৰীয়ে

মুখ্য মন্ত্ৰী

আজি জনতা ভৱনত মুখ্য মন্ত্ৰীৰ সভাকক্ষত উচ্চ শিক্ষা বিভাগৰ এক পৰ্যালোচনা মূলক বৈঠকত পৌৰোহিত্য কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে, ‘শিক্ষা ব্যৱস্থাটো হৈছে আমাৰ সমাজ জীৱনৰ দাপোন। সমাজত দেখা দিয়া প্ৰতিটো সমস্যাৰে সমাধানৰ বাবে শিক্ষা ব্যৱস্থাই পথ নিৰ্দেশনা দিব লাগিব। ইয়াৰ বাবে আমাৰ শিক্ষা ব্যৱস্থাটোক অধিক গৱেষণাধৰ্মী কৰিব লাগিব। বিভিন্ন সামাজিক সমস্যা সমূহ সমাধানৰ জৰিয়তে উন্নয়নী প্ৰক্ৰিয়াটো দ্ৰুত কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ শিক্ষা ব্যৱস্থাক অধিক কাৰ্যকৰী ৰূপত জড়িত কৰিব লাগিব।’

বৈঠকত মুখ্য মন্ত্ৰী গৰাকীয়ে নিবনুৱা সমস্যা সমাজৰ এক প্ৰধান সমস্যা হিচাপে বুলি কৈ শিক্ষাৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক নিয়োগৰ সুবিধা দিব লাগিব।

মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ বাবে যি পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে সেয়া ৫ বছৰৰ মূৰে মূৰে সলনি কৰিব লাগিব যাতে প্ৰতিযোগিতামুখী বাতাবৰণৰ সৈতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে খোজ মিলাই আগবাঢ়িব পাৰে।

সৰ্বানন্দই উচ্চ শিক্ষা ব্যৱস্থাটোক অধিক দক্ষতামুখী আৰু উজ্জ্বল ভৱিষ্যৎ গঢ়িব পৰাকৈ গঢ়ি তোলাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণৰ বাবে উচ্চ শিক্ষা বিভাগৰ প্ৰদান সচিব অজয় তীৱাৰিক নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান সমূহক দক্ষতামুখী শিক্ষা ব্যৱস্থাৰে অধিক গতিশীল কৰাৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকতে মুখ্য মন্ত্ৰীয়ে বৰপেটা, লখিমপুৰ আৰু হোজাই জিলাত স্থাপন কৰিবলগীয়া শ্ৰী শ্ৰী ভট্টদেৱ বিশ্ববিদ্যালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ সম্পৰ্কে বুজ লয়।

আনহাতে মুখ্য মন্ত্ৰীয়ে মাজুলীত স্থাপন কৰিবলগীয়া প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ কাম-কাজৰো বুজ লয়।

মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনত স্থাপন হ’ব লগীয়া ব্যক্তিগত বিশ্ববিদ্যালয় যেনে ইউনিভাৰছিটি অৱ মেৰিন চাইন্স, এমিটি ইউনিভাৰ্ছিটি, টেকন’ ইণ্ডিয়া ইউনিভাৰ্ছিটি, চি ভি ৰমন ইউনিভাৰ্ছিটিৰ কাম-কাজ সমূহো খৰতকীয়া কৰিবলৈ প্ৰধান সচিব গৰাকীক নিৰ্দেশ দিয়ে।

উক্ত বৈঠকত উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা ড০ মিহিৰকান্তি চৌধুৰী, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া আৰু উচ্চ শিক্ষা বিভাগৰ উচ্চপদষ্ঠ বিষয়া সকল উপস্থিত আছিল।