আজি দুপৰীয়া কৃষি মন্ত্ৰী অতুল বৰাই এক সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে যে ৰাজ্যৰ আত্মসহায়ক গোটসমূহৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰা হ’ব। এই আঁচনিত ৰাজ্যখনৰ মুঠ ২৬ হাজাৰ আত্মসহায়ক গোটক সামৰি লোৱা হ’ব। অৰ্থাৎ মুঠ ২৬ হাজাৰ আত্মসহায়ক গোটক ট্ৰেক্টৰ প্ৰদান কৰা হ’ব। অহা ১০ ডিচেম্বৰৰ দিনটোতে, অৰ্থাৎ আছুৱে পাতি অহা শ্বহীদ দিৱসৰ দিনাই এই আঁচনিখনৰ শুভাৰম্ভ কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। প্ৰথম পৰ্য্যায়ত ১০,১১৯খন ট্ৰেক্টৰ প্ৰদান কৰা হ’ব। ২০১৭-১৮ বৰ্ষত ৮৮.৪২ টন ধান উৎপাদনৰ লক্ষ্যৰে এই আঁচনিখন লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষিক্ষেত্ৰৰ বিকাশৰ বাবে ৰাজ্যৰ কৃষকসকলক এই একেখন আঁচনিৰ অধীনতে ১ লাখ চেল’ টিউবেল আৰু ছ’লাৰ পাম্প প্ৰদান কৰা হ’ব বুলিও সংবাদমেলখনত ঘোষণা কৰে। কৃষি মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে নৱবৰ্ষৰ জানুৱাৰি মাহত ডিব্ৰুগড়ত উদ্যান শস্যমেলা অনুষ্ঠিত কৰা হ’ব। এই মেলা ৫ জানুৱাৰীৰ পৰা ৮ জানুৱাৰীলৈকে চলিব।
ৰাজ্যৰ ২৬ হাজাৰ আত্মসহায়ক গোটলৈ ট্ৰেক্টৰ প্ৰদান কৰা হ’ব : অতুল বৰা
-
By NE NOW NEWS
- Categories: অসম
Related Content
কুম্ভকৰ্ণৰ সন্ধানত! দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ল টোপনিৰ প্ৰতিযোগিতা
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 1:05 pm
যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 1:03 pm
বিকল্প নাই! বিক্ৰী হ’ব কোম্পানী, আৰ বি আইৰ পৰা ১০ দিনৰ সময় বিচাৰিলে অনিল আম্বানীয়ে
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 11:55 am
ডক্টৰেট ডিগ্ৰী লাভ কৰিলে মেকুৰীয়ে; কিয় দিয়া হ’ল এই সন্মান?
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 10:16 am
হিচাপ এতিয়াও বাকী! আয়কৰ অভিযানত জোতা ব্যৱসায়ীৰ লুকাই ৰখা স্থানৰ পৰা উদ্ধাৰ টকাৰ পাহাৰ
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 8:53 am
নিৰ্বাচনৰ মাজতে নাড্ডাৰ দৰ্প! ‘বিজেপি আৰু পূৰ্বৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়’
By
এন ই নাও নিউজ ব্যুৰো
May 19, 2024 7:51 am