অসম চৰকাৰে কাৰ্বি আংলং স্বায়ত্ব শাষিত পৰিষদৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়সমূহ সংযুক্তকৰণৰ বাবে প্ৰেৰণ কৰা নিৰ্দেশৰ ঘোৰ বিৰোধিতা কৰিছে কাৰ্বি আংলঙৰ স্বায়ত্ত শাসিত ৰাজ্য দাবী কমিটীয়ে। অসম প্ৰাথমিক শিক্ষা সঞ্চালকালয় আৰু অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিবৰ দ্বাৰা প্ৰেৰণ কৰা পিএমএ ৭১৭/২০১৬/২০১৮ তাৰিখ ১০/০১/২০১৮ নং বেতাঁৰ টেলিগ্ৰাফ নিৰ্দেশযোগে প্ৰাথমিক বিদ্যালয়সূহ সংযুক্ত কৰণৰ নিৰ্দেশ জাৰী কৰা হৈছিল।
সংবাদ বিজ্ঞপ্তিটোত কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে কাৰ্বি আংলং বিজেপি শাসিত স্বায়ত্ত শাসিত পৰিষদে গ্ৰহণ কৰা ০৪/০৬/২০২০১৮ৰ কেএএচি/পিইডি/পিটি-/স্কুল সংযুক্তকৰণ/২০১৭-২০১৮ জাননীৰো স্বায়ত্ব শাসিত ৰাজ্য দাবী কমিটীয়ে ঘোৰ বিৰোধিতা কৰিছে।
স্বায়ত্ত শাসিত ৰাজ্য দাবী কমিটীয়ে অভিযোগ কৰিছে যে কাৰ্বি আংলঙৰ অনগ্ৰসৰ এলেকাসমূহক শিক্ষাৰ পৰা বঞ্চিত কৰিবলৈ বিজেপি চৰকাৰে এয়া এটা সচেতন পদক্ষেপ গ্ৰহণ কৰিছে। শিক্ষা আৰু যোগাযোগৰ ক্ষেত্ৰত অত্যন্ত পিছপৰা কাৰ্বি আংলঙৰ পাহাৰীয়া জিলাত থকা প্ৰাথমিক বিদ্যালয়সমূহ সংযুক্ত কৰিবলৈ দিয়া নিৰ্দেশ ভুল আৰু যুক্তিহীন বুলি দাবী কৰে কমিটীয়ে।
অসম চৰকাৰৰ নিৰ্দেশমৰ্মে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে প্ৰাথমিক বিদ্যালয়মূহ সংযুক্ত কৰিবলৈ দিয়া নিৰ্দেশ অবিলম্বে প্ৰত্যাহাৰ কৰাটো বিচাৰিছে স্বায়ত্ত শাসিত ৰাজ্য দাবী কমিটীয়ে।