ৰাভা সাহিত্য সভাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণগতিত

ৰাভাসকলৰ সাংস্কৃতিক ঐতিহ্যক বিশ্বৰ সন্মুখত দাঙি ধৰাৰ উদ্দেশ্যে তথা জাতি-বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত ঐক্য আৰু ভ্ৰাতৃত্বৰ মনোভাৱ জগাই তোলাৰ উদ্দেশ্যে বেবাক ৰাভা ক্ৰাৰোৰাং ৰুনচুম (সদৌ ৰাভা সাহিত্য সভা)য়ে ওদালগুৰি জিলাত ইয়াৰ ৩৪সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে ব্যাপক প্ৰস্তুতি চলাই আছে। টংলাৰ চিবাকায় শতীচ চন্দ্ৰ ৰাভা সুমুৰচিনি মাপাক ডামত  ২৭-৩০ ডিচেম্বৰলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া উক্ত অনুষ্ঠানক লৈ উদ্যোক্তা সকলৰ লগতে অঞ্চলটোৰ সাধাৰণ ৰাইজৰ মাজতো ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। অনুষ্ঠানটো এক আড়ম্বৰপূৰ্ণ উদযাপনৰ উদ্দেশ্যে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰিহন দৈমাৰীক সভাপিত হিচাপে লৈ ইতিমধ্যে এখন কমিটি গঠন কৰা হৈছে। দৈমাৰীৰ উপৰি কমিটিখনত সমাজকৰ্মী বিনোদ ৰাভা কাৰ্যকৰী সভাপতি আৰু হৰকান্ত ৰাভা সাধাৰণ সম্পাদক হিচাপে থাকিব। চাৰিদিন ধৰি চলিব লগীয়া উসৱটোত বিভিন্ন জনগোষ্ঠীৰ বাহেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ লগতে প্ৰদৰ্শনী, আলোচনা সভা, গ্ৰন্থমেলা আদি থকিব। ইয়াৰ উপৰি অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখন মুকলি সভাৰো আয়োজন কৰা হ’ব য’ত ভাৰতৰ বিভিন্ন স্থানৰ পৰা অহা  শিক্ষাবিদ, সমাজকৰ্মী, বুদ্ধীজিৱী তথা ৰাজহুৱা নেতাই অংশ ল’ব।