ৰাষ্ট্ৰীয় পৰ্যায়ত গোৰেশ্বৰৰ ৰাগবী দলৰ চমক : উদাসীন ৰাজ্যৰ ক্ৰীড়া বিভাগ

rugby-570x320

ফটো : দ্য ট্ৰিবিউনৰ সৌজন্যত

শুনিবলৈ অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য। খেল বিধত অসমক প্ৰতিনিধিত্ব কৰা আটাইকেইজন খেলুৱৈ বাক্সা জিলাৰ গোৰেশ্বৰ চহৰৰ।

উল্লেখযোগ্য যে চণ্ডীগড়ত অনুষ্ঠিত ষষ্ঠ ৰাগবী ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰা ৰাগবী দলটোৰ আটাইকেইজন খেলুৱৈ বাক্সা জিলাৰ গোৰেশ্বৰ চহৰৰ। ‘দ্য ট্ৰিবিউন’ কাকতত প্ৰকাশ পাইছে এই বাতৰি।

দলটোৰ মেনেজাৰগৰাকীৰ উদ্ধৃতি দি বাতৰিটোত কোৱা হৈছে যে বাক্সা জিলাৰ গোৰেশ্বৰত কেইজনমান জ্যেষ্ঠ খেলুৱৈয়ে লগ লাগি ২০০৭ চনত এটা ক্লাৱ গঠন কৰিছিল আৰু অঞ্চলটোৰ প্ৰতিভাৱান খেলুৱৈক লৈ ৰাগবী খেল আৰম্ভ কৰিছিল।

অসমৰ ৰাগবী দলটোৰ মেনেজাৰগৰাকীৰয়ে প্ৰকাশ কৰা মতেই এই ক্ৰীড়া বিধ অঞ্চলটোত জনপ্ৰিয় হৈ পৰিছে আৰু ব্ৰহ্মপুত্ৰৰ পাৰত খেলবিধৰ অনুশীলন কৰা হয়।

উল্লেখযোগ্য যে যোৱা বছৰ চাব জুনিয়ৰ শাখাত অসমে ৰাণাৰ্ছ আপ খিতাপ অৰ্জন কৰিছিল আৰু সেইটোৱে ৰাজ্যখনৰ বাবে ‘টাৰ্ণং পইন্ট’ হৈ পৰিল।

অসম দলটোৰ মেনেজাৰ শান্তনুৱে অৱশ্যে ৰাজ্যখনৰ ৰাগবী খেলুৱৈসকলে ভোগ কৰা অসুবিধাৰ বাবে ক্ষোভ প্ৰকাশ কৰে।

এইটো এটা আকৰ্ষণীয় ক্ৰীড়া নহয়, যুৱ চামে কাচিৎহে খেল বিধৰ প্ৰতি আগ্ৰহ দেখুৱায় আৰু গ্ৰাম্যাঞ্চলৰ খেলুৱৈসকলক ক্ৰীড়াবিধৰ প্ৰতি আগ্ৰহী কৰাৰ বাবে পতিয়ন নিওৱাটো প্ৰত্যাহ্বানমূলক বুলি প্ৰকাশ কৰিছে মেনেজাৰ শান্তনুৱে।

চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আৰ্থিক সাহায্য লাভ নকৰাৰ কথা উল্লেখ কৰি মেনেজাৰগৰাকীয়ে কয় যে ইয়াক চলাই নিয়াটো অত্যন্ত কঠিন হৈ পৰিছে।

সঘনে আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা থকা বাবেও ক্ৰীড়াবিধৰ প্ৰতি যুৱ খেলুৱৈ আকৰ্ষিত নোহোৱাটো অন্যতম কাৰণ বুলি তেওঁ উল্লেখ কৰে।

পশ্চিমবংগৰ হাতত শনিবাৰে ৩৩-৫ ব্যৱধানত পৰাজিত হোৱাৰ পিছত মেনেজাৰগৰাকীয়ে তেওঁৰ খেলুৱৈ কেইজনে উন্নত প্ৰদৰ্শন আগবঢ়াব লাগিব বুলি অনুভৱ ব্যক্ত কৰিছে।