ৰূপকোঁৱৰৰ স্মৃতি বিজড়িত নগাঁৱৰ জয়শ্ৰী চিনেমা হল ‘হেৰিটেজ বিল্ডিং’ হিচাপে সংৰক্ষণৰ দাবী

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিনৰ দিনাই ৰূপকোঁৱৰৰ স্মৃতি বিজড়িত নগাঁৱৰ জয়শ্ৰী চিনেমা হলটো ‘হেৰিটেজ বিল্ডিং’ হিচাপে সংৰক্ষণৰ দাবী উঠিল।

উল্লেখযোগ্য যে ১৯৩৮ চনতে নগাঁও চহৰৰ মাজমজিয়াত থকা এই চিনেমা হলটো নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু বৰ জীয়ৰী ‘জয়শ্ৰী’ৰ নামেৰে নামাংকিত কৰিছিল হলটো ৷ আৰু ১৯৩৯ চনত জয়শ্ৰী চিনেমা হলতে প্ৰদৰ্শিত হৈছিল ‘ইন্দ্ৰমালতী’ৰ দৰে বহু ঐতিহাসিক কথাছবি।

আনহাতে নগাঁৱৰ এজন ব্যৱসায়ীৰ পৰা এশ বছৰৰ বাবে মাটি লিজতলৈ নিৰ্মাণ কৰা জয়শ্ৰী হলটোৰ চোৱা-চিতা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাতৃ হৃদয়ানন্দ আগৰৱালাই। কিন্তু আজি জয়শ্ৰী চিনেমা হলটো পৰিত্যক্ত আৰু অৱহেলিত।

আনকি ৰূপকোঁৱৰৰ বহু স্মৃতি বিজড়িত এই ঐতিহাসিক চিনেমা হলটো এতিয়া শ্বপিং মল হিচাপে গঢ় দিয়াৰ চিন্তা-চৰ্চা কৰিছে হলটো থকা মাটিৰ গৰাকীয়ে। ফলত আজি এক সংবাদমেলৰ জৰিয়তে এই হলটোক হেৰিটেজ বিল্ডিং হিচাপে সংৰক্ষণ কৰিবলৈ চৰকাৰী পক্ষক আহ্বান জনাইছে চলচিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱা, গল্পকাৰ শিবানন্দ কাকতিৰ লগতে নগাঁৱৰ বহু কেইগৰাকী সাংস্কৃতিক কৰ্মী আৰু সচেতন নাগৰিকে।

তাৰোপৰি আজি নগাঁৱত অনুষ্ঠিত সংবাদমেলতে চলচ্চিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন ১৭ জুন বুলি আমি গণ্য কৰি আহিছো যদিও তেওঁ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ যাওঁতে পূৰণ কৰা ফৰ্মত নিজৰ জন্মৰ তথ্য সন্দৰ্ভত জন্মৰ তাৰিখ ১৯০৩ চনৰ ২ জুলাইহে বুলি নিজ হাতে লিখাৰ প্ৰমাণ পোৱা গৈছে বুলি আন এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে৷