ৰে’লত দুগৰাকীকৈ মহিলাক হত্যা কৰাৰ ঘটনাৰ আলোড়ন মাৰ নৌ যাওঁতেই চাৰি বছৰীয়া এটি পুত্ৰ সন্তানৰ মাতৃ, শিৱসাগৰৰ খনামুখ মাউত গাঁৱৰ মুনমী মহন্ত নামৰ ২৫ বছৰীয়া মহিলাগৰাকী যোৱা ৮ জুলাইৰ পৰা সন্ধানহীন হৈ আছে।
মাক সন্ধানহীন হোৱাৰ ফলত হাহাকাৰ কৰিছে কণমানি সন্তানটোৱে।
শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত গাওঁখনৰ মাণিক মহন্তৰ কনিষ্ঠা কন্যা মুনমী মহন্ত যোৱা ৮ জুলাইত যোৰহাট ধলাজান পুৰণিমাটি সত্ৰৰ স্বামী গৃহলৈ গৈছিল। ৮ জুলাইত স্বামীগৃহলৈ বুলি যোৱা মুনমী যোৰহাটত উপস্থিত হোৱালৈকে ফোনত পিতৃগৃহৰ লগত যোগাযোগ আছিল। কিন্তু তাৰ পাছৰ পৰাই মুনমী সন্ধানহীন হৈ পৰাৰ লগতে ম’বাইলটোও বন্ধ হৈ আছে।
মুনমীৰ পিতৃ-মাতৃগৃহই অভিযোগ কৰা কৰা মতে মুনমী ৰহস্যজনকভাৱে সন্ধানহীন হোৱাৰ আঁৰত স্বামীগৃহৰ হাত আছে। ইতিমধ্যে মুনমীৰ পিতৃ-মাতৃগৃহই গৌৰীসাগৰ আৰক্ষীৰ ওচৰত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।
কোনো লোকে মুনমী মহন্তৰ কিবা সন্ধান পালে আৰক্ষী থানা অথবা ৭৬৬৪০৪৬০৭০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে।
উল্লেখযোগ্য যে প্ৰায় ৭ বছৰৰ পূৰ্বে যোৰহাটৰ ধলাজান পুৰণিমাটি সত্ৰৰ দিলীপ মহন্তৰ লগত মুনমীৰ সামাজিকভাৱে বিবাহ হৈছিল।